![]()
অৱশেষত সকাহ পালে ইমৰাণ খানে (Imran Khan)। জামিন লাভ (Getting bail) প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীগৰাকীৰ। ইছলামাবাদ উচ্চ ন্যায়ালয়ে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জামিন মঞ্জুৰ (Imran’s bail granted) কৰে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে তেওঁৰ গ্ৰেপ্তাৰক ‘অবৈধ’ বুলি অভিহিত কৰে। শুকুৰবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ত হিংসাৰ বাবে উচটনি দিয়াৰ গোচৰত জামিন লাভ কৰে। জামিনৰ সময়সীমা ২৩ মেʼলৈকে।

অৱশ্যে তেওঁক এতিয়া মুকলি কৰি দিয়া হʼবনে নাই সেই বিষয়ে অনিশ্চয়তা আছে। ইমৰাণৰ বিৰুদ্ধে ১২১টা গোচৰ। ইফালে ইমৰাণৰ জামিনৰ খবৰ পাই উদযাপন কৰিছে পিটিআই সমৰ্থকসকলে। কিন্তু শুকুৰবাৰে ইমৰাণক কটকটীয়া নিৰাপত্তাৰ অধীনত আদালতত হাজিৰ কৰোৱা হয়। ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিয়াংগুল হাছান ঔৰংজেব আৰু ন্যায়াধীশ চমন ৰাফাত ইমতিয়াজে শুনানিৰ অন্তত জামিন মঞ্জুৰ কৰে। ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ক সমালোচনা কৰে।












