ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

IPL 2025 : এইবাৰ আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন, কি এই নিয়ম?

নিউজ ডেস্কঃ

News Desk by News Desk
March 20, 2025
Reading Time: 1 min read
A A
0
IPL 2025 : এইবাৰ আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন, কি এই নিয়ম?

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

অপেক্ষা মাথোঁ আৰু দুটা দিনৰ। তাৰ পিছতে বাজি উঠিব বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ, ব্যয়বহুল আৰু গ্লেমাৰাছ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (Indian Premier League)ৰ ৰণডংকা। কিন্তু আই পি এল আৰম্ভ হোৱাৰ দুদিন পূৰ্বে খেলৰ পদ্ধতিত (In the previous method of the game) তিনিটা পৰিৱৰ্তন (Three changes) আনিলে ভাৰতীয় ক্রিকেট বোৰ্ডে (BCCI)। এতিয়াৰে পৰা বলত থু লগাব পাৰিব। কোনো অধিনায়কে ইয়াত দ্বিমত প্রকাশ কৰা নাই। অৱশ্যে আটাইতকৈ উল্লেখযোগ্য নিয়মটো হৈছে, দ্বিতীয় ইনিংছত বলিং কৰা দলটোৱে দুটা নতুন বল ব্যৱহাৰ কৰিব পাৰিব। তাৰে এটা ইনিংছ আৰম্ভণিৰ সময়ত আৰু আনটো মাজত। ইয়াৰ উপৰি ৱাইডৰ বাবে হক-আই ব্যৱহাৰ কৰা হ’ব।

বৃহস্পতিবাৰে মুম্বাইত সকলো আই পি এলৰ দলৰ অধিনায়কসকলৰ সৈতে অনুষ্ঠিত বৈঠকত এই বিষয়ে জনোৱা হৈছে। দ্বিতীয় নতুন বল ব্যৱহাৰ কৰিব পাৰিব দ্বিতীয় ইনিংছৰ ১১ নম্বৰ অভাৰৰ পিছত পর। যিকোনো সময়তে নতুন বল ল’ব পাৰিব। কেতিয়া ল’ব সেইটো ঠিক কৰিব ফিল্ডিং কৰা দলটোৱে।

ipl 1 | ASSAM TIMES POST
আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন

উল্লেখযোগ্য যে আই পি এলৰ সময়ত ভাৰতৰ প্ৰায়বোৰ ষ্টেডিয়ামতে নিয়ৰ পৰে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি টছত জয়ী হোৱা দলটোৰ অধিনায়কজনে আগতে বল কৰাৰ সিদ্ধান্ত লয়। কিন্তু পিছৰ ফালে নিয়ৰ পৰিলে বলাৰসকলে বলিং কৰাত অসুবিধা হয়। প্রথম কথা, বল ভিজি থকাৰ কাৰণে হাতেৰে ধৰি ৰখাৰ (গ্রিপ) সমস্যা হয়। স্পিনাৰসকলে বল ঘূৰোৱাত অসুবিধা হয়।

দ্বিতীয়তে, আউটফিল্ড ভিজি থকাত বল দ্রুতগতিৰে যায়। ফলত চাৰিৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। দুয়োটা দলকেই সমানে সুবিধা দিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰিছে বোৰ্ডে।

কিন্তু নতুন বল ব্যৱহাৰৰ ক্ষেত্রত নিয়মো বান্ধি দিয়া হৈছে। জানিব পৰা মতে, দ্বিতীয় ইনিংছৰ ১১ নম্বৰ অভাৰৰ পিছত আম্পায়াৰে বল পৰীক্ষা কৰিব। যদি অত্যধিক নিয়ৰ থাকে, তেতিয়াহে বলিং কৰা দলে নতুন বল ব্যৱহাৰৰ অনুমতি পাব। সেইবুলি আকৌ একেবাৰে চকচকীয়া পলিছ কৰাৰ দৰে বলো দিয়া নহয়। ক্ষয় যোৱা বলে দিয়া হ’ব, মাত্ৰ সেই বলটো ভিজি নাথাকে। ইয়াৰ উপৰি দুপৰীয়াৰ মেচত এই নিয়ম প্রযোজ্য নহ’ব।

আন এটা নতুন নিয়মটি হৈছে যে এতিয়াৰে পৰা উচ্চতা আৰু অফ ষ্টাম্পৰ বাহিৰৰ ৱাইড বলত ডি আৰ এছ ল’লে হক-আই আৰু বল ট্র্যাকিং প্রযুক্তি ব্যৱহাৰ কৰা হ’ব। ৱাইডৰ ক্ষেত্রত ডি আৰ এছৰ নিয়ম অৱশ্যে যোৱা বছৰে আৰম্ভ কৰা হৈছিল। এইবাৰ তাত প্রযুক্তিৰ ব্যৱহাৰ সন্নিবিষ্ট কৰা হৈছে।

ইফালে বলত থু লগোৱা সন্দৰ্ভত নিষেধাজ্ঞা উঠাই লোৱাৰ ক্ষেত্ৰত বেছিভাগ অধিনায়কেই সমর্থন জনাইছে। এই ক্ষেত্ৰত সকলো দলৰ অধিনায়কৰ পৰা পৰামর্শ বিচৰা হৈছিল। তাত অৱশ্যে কোনোৱে মৃদু আপত্তি কৰিলেও বেছিভাগেই নিষেধাজ্ঞা উঠাই লোৱাৰ সপক্ষে মত প্ৰকাশ কৰে।

Tags: IPLNewRuleআইপিএল
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
ADVERTISEMENT
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx