
নগদ পাঁচ কোটি টকা, গেৰেজত অ’ডি, মাৰ্চিডিজ গাড়ী, ড্ৰয়াৰত সজাই থোৱা দামী ঘড়ী। পঞ্জাবৰ এজন আই পি এছ বিষয়াৰ ঘৰত (Punjab DIG Case) তালাচী অভিযানৰ সময়ত এই সম্পত্তিৰ পাহাৰ দেখি স্তম্ভিত হৈ পৰে চিবিআই।

কেৱল সেয়াই নহয়, কেন্দ্ৰীয় তদন্তকাৰীয়ে বিষয়াজনৰ ঘৰৰ পৰা জব্দ কৰে সোণৰ মূল্যৱান গহনাও।
উৎকোচৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ হয়। তাৰ আধাৰত চিবিআয়ে পঞ্জাবৰ ৰোপাৰ ৰেঞ্জৰ ডিআইজি হৰচৰণ সিং ভুলাৰৰ ঘৰত অভিযান চলায়।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, এই তালাচী অভিযানৰ সময়ত আই পি এছ বিষয়াগৰাকীৰ ঘৰৰ পৰা কোটি কোটি টকাৰ সম্পত্তি উদ্ধাৰ হয়। চিবিআয়ে কয় যে হৰচৰণে স্থানীয় এজন ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হোৱা অপৰাধমূলক গোচৰ ‘উঠাই’ লোৱাৰ প্ৰতিশ্ৰুতি দি উৎকোচ দাবী কৰিছিল। সেই ভিত্তিতে ধৰা পৰে ডি আই জি হৰচৰণ।
পঞ্জাবৰ ফতেহগড় চাহিবৰ ব্যৱসায়ী আকাশ বট্টাই কিছুদিন পূৰ্বে উৎকোচৰ এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি, ডিআইজি হৰচৰণে তেওঁক ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল। একে সময়তে তাৰ পৰা মুক্তি পোৱাৰ পথো দেখুৱাই দিয়ে। প্ৰথম অৱস্থাত হৰচৰণে ৮ লাখ টকা দাবী কৰিছিল।
লগতে ডিআইজি হৰচৰণে কৈছিল যে যদি তেওঁ প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰে তেন্তে তেওঁ গোচৰৰ পৰা মুক্ত হ’ব। অৱশ্যে তেওঁ পোনপটীয়াকৈ উৎকোচ বিচৰা নাছিল। কৃষ্ণ নামৰ এজন ব্যক্তিৰ মধ্যস্থতাত ‘চুক্তি’ কৰা হৈছিল। অভিযোগ কৰা ব্যৱসায়ীজনে এই দাবী কৰে।
কৃষ্ণ নামৰ সেই ব্যক্তিজনকো চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, কৃষ্ণক ধৰিবলৈ ফান্দ পাতিছিল। কৃষ্ণক আঠ লাখ টকা দিয়া হ’ব বুলি ‘টোপ’ দি চণ্ডীগড়ৰ ছেক্টৰ-২১ এলেকালৈ মতা হৈছিল। ধন লৈ যোৱাৰ সময়তে কেন্দ্ৰীয় চোৰাংচোৱাই কৃষ্ণক হাতে-লোতে ধৰে। ইয়াৰ পিছত তেওঁলোকে সেই একে কৃষ্ণকে ব্যৱহাৰ কৰি হৰচৰণক ফান্দত পেলায়।
তেওঁৰ নম্বৰৰ পৰা হৰচৰণক ফোন কৰে। তেতিয়াই উৎকোচৰ বিষয়টো অধিক স্পষ্ট হৈ পৰে। মোহালীৰ হৰচৰণৰ কাৰ্যালয়ত চিবিআইৰ এটা দলে অভিযান চলায়। তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত চিবিআয়ে বিভিন্ন স্থানত তালাচী আৰম্ভ কৰে।
সূত্ৰ অনুসৰি, হৰচৰণৰ ঘৰৰ পৰা এই পৰ্যন্ত ৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। অৱশ্যে তেওঁৰ লগত অধিক ধন থকাৰ তথ্য পোৱা গৈছে। ইয়াৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। গণনা চলি আছে। ইয়াৰ উপৰি চিবিআয়ে ডেৰ কেজি সোণৰ গহনা, দুখন বিলাসী গাড়ী, ২২টা দামী ঘড়ী, ৪০ লিটাৰ সুৰা আদি বহু বস্তু উদ্ধাৰ কৰিছে।
উল্লেখ্য যে হৰচৰণ ২০০৯ চনৰ বেচৰ আই পি এছ বিষয়া। ডিআইজি হোৱাৰ পূৰ্বে তেওঁ পঞ্জাবৰ বিভিন্ন ঠাইত আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হৈছিল। হৰচৰণ ২০২৪ চনৰ পৰা ৰোপা ৰেঞ্জৰ ডিআইজি হিচাপে কাম কৰি আহিছে। তেওঁৰ পিতৃও আৰক্ষী বিষয়া আছিল।













