
বৃহস্পতিবাৰে ঝাৰখণ্ডৰ ৰাঁচীত (Ranchi, Jharkhand) ২৭ জন মাওবাদীয়ে আত্মসমৰ্পণ (Maoists surrender) কৰে। বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰো উদ্ধাৰ (Seizure of weapons) কৰা হয়। মাওবাদীসকলে ৰাজ্যিক আৰক্ষীৰ ডিজি তাৰাশা মিশ্ৰৰ উপস্থিতিত আত্মসমৰ্পণ কৰে। ৰাজ্যিক আৰক্ষীয়ে কয় যে আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ পুনৰ্সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হ’ব। আৰক্ষী, চিআৰপিএফ আৰু ঝাৰখণ্ড জাগুৱাৰে ৰাজ্যখনত মাওবাদীসকলক গ্ৰেপ্তাৰ কৰিবলৈ ‘নৱজীৱন অভিযান’ আৰম্ভ কৰিছে।
আৰক্ষী সূত্ৰৰ মতে, আত্মসমৰ্পণ কৰা ২৭ জন লোকৰ আটাইকেইজনেই আৰক্ষীৰ ৰেকৰ্ডত ‘মোষ্ট ৱাণ্টেড’ আছিল। আত্মসমৰ্পণ কৰা মাওবাদীৰ বিৰুদ্ধে বহুতো গোচৰ বিচাৰাধীন হৈ আছে। এই বছৰ এতিয়ালৈকে ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ২২ জন মাওবাদী নিহত হৈছে। মুঠ ৪৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আন ২৯ জনে আত্মসমৰ্পণ কৰিছিল। “আমি বাকী থকা মাওবাদী কেডাৰসকলক তেওঁলোকৰ অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছো।’’

আৰক্ষীৰ মতে, আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত মিছিৰ বেছৰা আছিল। তেওঁৰ মূৰটোৰ মূল্য আছিল এক কোটি টকা। আত্মসমৰ্পণ কৰা মাওবাদীসকল চাৰান্দা আৰু কোলহান অঞ্চলত সক্ৰিয় আছিল। ইয়াৰে সাতজন উপ-আঞ্চলিক কমাণ্ডাৰ। তেওঁলোকৰ বিৰুদ্ধে ১২৩ টা গোচৰ বিচাৰাধীন হৈ আছে। ছজন এৰিয়া কমাণ্ডাৰ আছে। তেওঁলোকৰ প্ৰত্যেকৰে মূৰৰ মূল্য ৫ লাখ টকা আছিল। এপ্ৰিল মাহত কেন্দ্ৰই সকলো ৰাজ্যক জনাইছিল যে দেশৰ সকলো জিলা মাওবাদী হিংসাৰ পৰা মুক্ত।
অৱশ্যে, ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাক ‘উদ্বেগৰ জিলা’ হিচাপে চিনাক্ত কৰা হৈছে। সেই জিলাখনৰ বাহিৰেও, অতীতত মাওবাদীৰ দ্বাৰা প্ৰভাৱিত হোৱা আন ৩৭ খন জিলাৰ পৰিস্থিতি সংবেদনশীল আৰু কেন্দ্ৰই সেইবোৰত নিৰাপত্তা বাহিনীৰ নিৰন্তৰ উপস্থিতি বজাই ৰখাৰ লগতে একে সময়তে উন্নয়নমূলক কাম চলাই নিয়াৰ লক্ষ্য লৈছে।











