
দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদক (Umar Khalid) তিনিদিনৰ অন্তৱৰ্তীকালীন জামিন (Bail) প্ৰদান কৰে। অস্ত্ৰোপচাৰৰ সময়ত মাতৃৰ লগত থাকিবলৈ ১৫ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল ওমৰে। কিন্তু আদালতে তেওঁক তিনিদিনৰ জামিন প্ৰদান কৰে। ১ জুনৰ পৰা ৩ জুনলৈ চৰ্তসাপেক্ষে তেওঁ জে’লৰ বাহিৰত থাকিব পাৰিব।
২২ মে’ৰ পৰা ৫ জুনলৈ অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনাইছিল ওমৰে। শেহতীয়াকৈ তেওঁৰ এজন আত্মীয়ৰ মৃত্যু হৈছে। তেওঁ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ওমৰে কৈছিল যে যদিও তেওঁৰ ককাক তেওঁৰ ঘনিষ্ঠ আত্মীয় নহয়, তথাপিও তেওঁ ককাকজনৰ অতি ঘনিষ্ঠ আছিল। কঠিন সময়ত ৮৭ বছৰীয়া আইতাকৰ লগত থাকিব বিচাৰিছিল। ইয়াৰ বাহিৰেও ওমৰৰ ৬২ বছৰীয়া মাতৃ বিগত দুবছৰ ধৰি চিষ্টৰ সমস্যাত ভুগি আছে। তেওঁৰ পিঠিত চিষ্ট এটা গঢ় লৈ উঠিছে। চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে। ২ জুনত অস্ত্ৰোপচাৰৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ওমৰে কৈছিল যে তেওঁৰ বৃদ্ধ পিতৃয়ে অকলে অসুস্থ মাতৃৰ যত্ন লোৱাটো সম্ভৱ নহয়। তেওঁ হৈছে একমাত্ৰ সন্তান। সেয়ে এই সময়ত মাকৰ প্ৰতি থকা কৰ্তব্য পালন কৰিব বিচাৰে। পৰিয়ালৰ লগত থাকিব বিচাৰে।

১৯ মে’ত নিম্ন আদালতে ওমৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰি হৈছিল যে ককাক ইমান ঘনিষ্ঠ আত্মীয় নাছিল যে শেষ অনুষ্ঠানত ওমৰ উপস্থিত থাকিব লাগিব। ইয়াৰ বাহিৰেও আদালতে কৈছিল যে ওমৰৰ পিতৃৰ বাহিৰেও মাকক চোৱাচিতা কৰিবলৈ আন লোকো আছে। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ওমৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তাত তেওঁ নিম্ন আদালতৰ পৰ্যবেক্ষণ ভুল বুলি দাবী কৰে। ওমৰে লগতে কয় যে আদালতে তেওঁক পাৰিবাৰিক কাৰণত ২০২২, ২০২৪ আৰু ২০২৫ চনত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ সকলো নিয়ম মানি চলিছিল। তেওঁ কোনো চৰ্ত উলংঘা কৰা নাছিল। তেওঁ জে’ললৈ গৈ সময়মতে আত্মসমৰ্পণ কৰিছিল।
ওমৰৰ আবেদন মানি লৈ দিল্লী উচ্চ ন্যায়ালয়ে তিনিদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। অহা ৪ জুনত তেওঁ পুনৰ জে’ললৈ যাব লাগিব। উল্লেখ্য যে ২০২০ চনত দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই হিংসাত বহু লোকৰ মৃত্যু হয়। দিল্লী হিংসাৰ অন্যতম অভিযুক্ত তথা ষড়যন্ত্ৰকাৰী আছিল ওমৰ। আন অভিযুক্তক জামিনত মুকলি কৰি দিলেও উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰা নাছিল।










