
লক্ষ্ণৌৰ কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত (Lucknow fire)গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল। ইতিমধ্যে চাৰিজন লোকক গ্ৰেপ্তাৰো কৰা হৈছে। ধৃতসকলৰ ভিতৰত এজন হৈছে অট্টালিকাটোৰ মালিক। অভিযোগ অনুসৰি, তিনি মহলীয়া অট্টালিকাটো নিয়ম উলংঘা কৰি ব্যৱহাৰ কৰা হৈছিল। ইয়াক আৱাসিক ভৱন হিচাপে পঞ্জীয়ন কৰা হৈছিল।

কিন্তু তাত কোচিং চেণ্টাৰ আৰু অন্যান্য ব্যৱসায়িক কাম-কাজ কেনেদৰে চলি আছিল সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।
সোমবাৰে লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলৰ ঊষা মেহতা মাৰ্গৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড সংঘটিত হয়। তাত কমেও ১৫ জন লোকৰ মৃত্যু হয়।
নিহতসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী। দুৰ্ঘটনাটোৰ লগে লগে তিনি মহলীয়া অট্টালিকাটোত অনিয়মৰ অভিযোগ উত্থাপন হয়। লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণৰ নথি-পত্ৰ আৰু লক্ষ্ণৌ পৌৰসভাত দাখিল কৰা নথি অনুসৰি ক্ষতিগ্ৰস্ত অট্টালিকাটো বাণিজ্যিক প্ৰতিষ্ঠান হিচাপে অনুমতি নাছিল।
ইয়াৰ ডিজাইন আৱাসিক ভৱন হিচাপে অনুমোদিত হৈছিল। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে এই ভৱনটোৰ মালিক তিনি ভাতৃ বীৰেন্দ্ৰ প্ৰসাদ শুক্লা, সুৰেন্দ্ৰ শুক্লা আৰু ধীৰেন্দ্ৰ শুক্লা। ইয়াৰ ভিতৰত ইতিমধ্যে বীৰেন্দ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।
তদন্তকাৰীয়ে বিশ্বাস কৰে যে ২০১৪ চনত বাসগৃহ হিচাপে ব্যৱহাৰৰ অনুমতি থকা অট্টালিকাটো বাণিজ্যিক কমপ্লেক্সলৈ ৰূপান্তৰিত কৰা হৈছিল। চৰকাৰী ৰেকৰ্ড অনুসৰি, ২০১৬ চনত অট্টালিকাটোত অবৈধ নিৰ্মাণৰ অভিযোগো উত্থাপন হৈছিল। অৱশ্যে দুমাহৰ ভিতৰতে জাননী প্ৰত্যাহাৰ কৰা হয়। বীৰেন্দ্ৰৰ আগতে এই অট্টালিকাটোৰ মালিক আছিল এহাল দম্পতী।
উত্তৰ প্ৰদেশ চৰকাৰৰ মতে, ১৯৮০ চনত প্ৰথমে লটাৰীৰ জৰিয়তে এই ভৱনটো বিক্ৰী কৰা হৈছিল। সেই সময়ত বিজয় কুমাৰৰ নামত অট্টালিকাটো আবণ্টন দিয়া হৈছিল। ২০০৫ চনত বিজয় আৰু তেওঁৰ পত্নী ঊষাৰ নামত অট্টালিকাটো পঞ্জীয়ন কৰা হয়। পিছত ২০১৩ চনৰ জানুৱাৰী মাহত দম্পতীহালে বীৰেন্দ্ৰৰ হাতত বিল্ডিংটো বিক্ৰী কৰে।
ইয়াৰ পিছত ২০১৪ চনৰ আগষ্ট মাহত বিল্ডিংটোৰ চুক্তি বীৰেন্দ্ৰ ভাতৃসকলৰ হাতত গতাই দিয়া হয়। সেই সময়ত অট্টালিকাটো আৱাসিক ভৱন হিচাপে অনুমোদিত হৈছিল। ইয়াৰ পিছত ইয়াৰ চৰিত্ৰ সলনি হয়। নথি-পত্ৰ হস্তান্তৰ কৰাৰ পিছত বীৰেন্দ্ৰৰ বিৰুদ্ধে অবৈধ নিৰ্মাণৰ অভিযোগ উত্থাপন হয়।
২০১৬ চনৰ ১০ মে’ত এখন জাননীও জাৰি কৰা হৈছিল। কিন্তু দুমাহৰ পাছত ৫ জুলাইত এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হয়। কাৰণ সেই সময়ত মালিকে যুক্তি দিছিল যে নিৰ্মাণ পৰিকল্পনা অনুসৰি নিৰ্মাণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা লক্ষ্ণৌৰ ঊষা মেহতা মাৰ্গৰ তিনিমহলীয়া অট্টালিকাটোৰ বিষয়ে বহু তথ্য ওলাবলৈ আৰম্ভ কৰিছে।
প্ৰাথমিক তদন্তত অট্টালিকাটোৰ কেইবাটাও সুৰক্ষাৰ দোষৰ কথা পোহৰলৈ আহিছে। জৰুৰী অৱস্থাত তিনিমহলীয়া অট্টালিকাটোৰ পৰা ওলাই আহিবৰ কাৰণে কোনো পথ নাছিল। অভিযোগ অনুসৰি, ছাদলৈ যোৱাৰ পথো বন্ধ আছিল।
ফলত অট্টালিকাটোত ধোঁৱা আৰু জুই বিয়পি পৰাত বহু লোকে পলায়নৰ সুযোগ নাপালে। প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা গৈছে যে অট্টালিকাটোৰ এ চিৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল। মুখ্যমন্ত্ৰী আদিত্যনাথে এছ আই টিক সঠিকভাৱে কি হৈছিল তদন্ত কৰি আগন্তুক ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।











