ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 18, 2026
Reading Time: 1 min read
A A
0
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ (Karbi Anglong Sports Association) ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day) শনিবাৰে ডিফু ষ্টেডিয়ামত উদযাপন (Celebration at Diphu Stadium) কৰা হয়। কাছা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাছাৰ সভাপতি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, বিধায়ক ডঃ তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ১৯৫৮ চনত গঠন হৈছিল কাৰ্বি আংলং ক্ৰীড়া সন্থা।

প্ৰতিষ্ঠা দিৱস উপলক্ষে ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাকালৰে পৰা সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱাৰ লগতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলাখনক প্ৰতিনিধিত্ব কৰা ক্ৰীড়া ব্যক্তিত্বসকলো সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে বিধায়ক তুলিৰাম ৰংহাঙে প্ৰতিষ্ঠাকালৰে পৰা বৰ্তমানলৈকে বিভিন্ন ক্ৰীড়া সন্থাৰ বিভিন্ন সময়ৰ ফটো আৰু তথ্য সন্নিবিষ্ট এখন ফটো গেলেৰী উদ্বোধন কৰে। আনহাতে, কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা। এই সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তুলিৰাম ৰংহাঙে কয় যে ১৯৫৮ চনত কাৰ্বি আংলং ক্ৰীড়া সন্থা গঠন হোৱাৰ পিছৰে পৰা সন্থাটোৱে দোপতদোপে উন্নতি কৰি আজিৰ এই পর্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে।

diphu 1 | ASSAM TIMES POST
ডিফুত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

আনহাতে, প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমানলৈকে ক্ৰীড়া সন্থালৈ আগবঢ়োৱা ব্যক্তিসকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয়, “২০১২ চনত সভাপতিৰ দায়িত্ব লৈয়েই মই কাৰ্বি আংলঙৰ ক্ৰীড়া খণ্ডক আগুৱাই নিয়াৰ সংকল্প লৈছিলোঁ। আজি ডিফুত ৰাষ্ট্রীয় পৰ্যায়ৰ এখন খেলপথাৰ আছে, য’ত ফুটবল, ভলীবল, বাস্কেটবল, টেনিছ, এথলেটিকছ, মল্লযুঁজ আদি সকলো উন্নত ৰাজ্যিক পৰ্যায়ৰ। ষ্টেডিয়ামত আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ ছুইমিং পুল নিৰ্মাণ কৰা হৈছে। জিলাখনৰ ল’ৰা-ছোৱালীয়ে ৰাজ্য, দেশ, আনকি আন্তর্জাতিক পর্যায়তো নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।”

লগতে তেওঁ কয় যে এই কাম কেৱল তেওঁৰ বা কাছাৰ দ্বাৰাই কৰাটো সম্ভৱ হোৱা নাই। সকলোৰে সমন্বিত প্ৰচেষ্টাত ই সফল হোৱা বুলি উল্লেখ কৰি এটা দল হিচাপে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আনহাতে, অহা দুবছৰৰ পাছত কাছা ৭০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্লেটিনাম জয়ন্তী কাৰ্যসূচী বিশেষভাৱে অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা তুলিৰাম ৰংহাঙে ব্যক্ত কৰে।

Tags: KarbiAnglongSportsAssociation
Share4Tweet3Send

Related Posts

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
50
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

by News Desk
August 3, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

by News Desk
July 31, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

by News Desk
July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

by News Desk
July 28, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx