ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

নিউজ ডেস্কঃ

News Desk by News Desk
August 7, 2026
Reading Time: 1 min read
A A
0
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

ককৰোচ জনতা পাৰ্টিৰ (Cokrocha Jantana Party) ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতি গঠন (Formation of the National Executive Committee)। বিগত দুদিন ধৰি মহাৰাষ্ট্ৰৰ ছত্রপতি শম্ভাজীনগৰত সংগঠনৰ মুৰব্বী অভিজিৎ দীপকে (Abhijeet Dipke)ৰ ঘৰত বৈঠকত মিলিত হৈ আছে চিজেপিৰ সদস্যসকল। ইয়াৰ পিছতে বৃহস্পতিবাৰে কাৰ্যকৰী সমিতি গঠনৰ কথা ঘোষণা কৰা হয়। দীপকে (Dipke)য়ে নিজেই এই সমিতিৰ সৰ্বভাৰতীয় আহ্বায়ক (All India Convener) হৈ পৰিছে। তদুপৰি চিজেপিৰ মূল মুখপাত্ৰ সৌৰভ দাস আৰু অন্যতম মুখপাত্ৰ আশুতোষ ৰাংকাক ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সহ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। তিনিওজনেই সংগঠনটোৰ পৰিচিত মুখ। শিক্ষাৰ ক্ষেত্ৰত দুৰ্নীতি, নীট (NEET) প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিল্লীত আন্দোলন আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত আগশাৰীত আছিল।

দীপকে, সৌৰভ আৰু ৰাংকাৰ উপৰি চিজেপিয়ে ৮ জন লোকক কাৰ্যকৰী সমিতিত নিযুক্তি দিছে। অজিংক শ্বিণ্ডেক ৰাষ্ট্ৰীয় সংগঠনৰ দায়িত্বত দিয়া হৈছে। দীপক বালিয়ানে তেওঁৰ সহকাৰী প্ৰভাৰী হিচাপে কাম কৰিব। ইয়াৰ উপৰি আফ্ৰিন নৱাজক কাৰ্যকৰী সমিতিৰ সৰ্বভাৰতীয় সম্পাদক, বিজয় ৰেড্ডী মালংগীক মিডিয়া মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। ৰত্ন সিঙে আইনী বিষয় চোৱাচিতা কৰিব, বৈষ্ণৱী গৌৰে গৱেষণা আৰু নীতি নিৰ্ধাৰণৰ চোৱাচিতা কৰিব, ৰোহন দেশপাণ্ডেক প্ৰযুক্তিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। যোগেশ ইংগলে সংস্থাটোৰ আৰ্থিক কাম-কাজ চোৱাচিতা কৰিব। আটাইকেইজনৰ বয়স ২৬ৰ পৰা ৩৫ বছৰৰ ভিতৰত।

নীট আন্দোলনৰ সফলতাৰ পিছৰে পৰা চিজেপিৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে বৃহস্পতিবাৰে তেওঁলোকে কয় যে এই মুহূৰ্তত চিজেপি ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশৰ কোনো পৰিকল্পনা নাই। অৱশ্যে এই সংগঠনৰ নেতাসকলে সমগ্ৰ দেশতে তৃণমূল পৰ্যায়ত কাম কৰিব।

cjp | ASSAM TIMES POST
পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্যৰে সমিতি গঠন

অহা ছমাহত চিজেপিৰ কাম হ’ব ৰাজ্যসমূহত সংগঠনটোক শক্তিশালী কৰা, সদস্যৰ সংখ্যা বৃদ্ধি কৰা আৰু জনসাধাৰণৰ সমস্যাবোৰ চিনি লৈ সমাধানৰ চেষ্টা কৰা। ইয়াৰ উপৰি দেশৰ চাৰিটা সংমণ্ডল ক্ৰমে উত্তৰ, দক্ষিণ-পূব আৰু উত্তৰ-পূব আৰু পশ্চিমৰ নেতৃত্বক দায়িত্ব অৰ্পণ কৰা হৈছে। সেই অনুসৰি কাম আৰম্ভ কৰিব।

সংবাদমেলত সংগঠনটোৰ সম্প্ৰসাৰণৰ সন্দৰ্ভত সৌৰভে কয়, “আমি আমাৰ ৱেবছাইটৰ জৰিয়তে সদস্য নিযুক্তিৰ কাৰ্যসূচী আৰম্ভ কৰিছো। ছাত্ৰ-ছাত্ৰী, যুৱ কৰ্মচাৰী আৰু অন্যান্য কৰ্মীসকলেও আমাৰ সৈতে যোগদান কৰিব পাৰে আৰু সামূহিকভাৱে তেওঁলোকৰ আৰু সাধাৰণ জনতাৰ দাবী উত্থাপন কৰিব পাৰে। অৱশ্যে আমি কাৰো পৰা কোনো ধৰণৰ ধন লোৱা নাই।সেই কথা আমি মনত ৰাখিব লাগিব।”

ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত সৌৰভে ব্যাখ্যা কৰে, “বহুতে চিজেপি ৰাজনৈতিক দল হিচাপে উত্থান হোৱাটো বিচাৰে। কিন্তু এই মুহূৰ্তত আন এটা ৰাজনৈতিক দল গঠন কৰিলে কোনো লাভ নহ’ব। গতিকে তাত কাম কৰাৰ পৰিৱৰ্তে আমি তৃণমূল পৰ্যায়ত কাম কৰিম।”

অহা ছমাহত চিজেপিৰ অন্যতম কাৰ্যসূচী হৈছে ‘ক্যা বোল্টি পাব্লিক’, অৰ্থাৎ ‘ৰাইজে কি কয়’। এই কাৰ্যসূচীৰ অধীনত ১ ছেপ্টেম্বৰৰ পৰা পঁইতাচোৰাৰ নেতাসকলে ৰাজ্যৰ পৰা ৰাজ্যলৈ যাত্ৰা কৰি যুৱ প্ৰজন্মৰ সৈতে কথা পাতিব। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সমস্যাৰ কথা শুনি সমাধান বিচাৰি উলিয়াব। চাকৰিৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত যোৱা ১৩ দিন ধৰি ঝাৰখণ্ডত ধৰ্ণা কাৰ্যসূচী চলি আছে। অনশন কৰি আছে ছয়জন লোকে। ৰাংকাই কয় যে চিজেপিৰ এটা প্ৰতিনিধি দল তালৈ গৈ প্ৰতিবাদকাৰীক সমৰ্থন কৰিব।

Tags: CJPexecutivemembersFormationexecutiveCommittee
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx