
কাৰ্বি আংলঙৰ (Karbi Anglong) ডকমকাত উদ্ধাৰ হৈছে এটা মৃতদেহ (Body found in Doboka)। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডকমকা নগৰৰ চাৰ্থে ৰংহাং গাঁৱৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহটো। প্ৰাপ্ত তথ্য মতে, আজি দিনত চাৰ্থে ৰংহাং গাঁৱৰ বাসিন্দা চ’উইলছন ৰংহাঙৰ পৰিয়ালৰ সকলো লোক পথাৰলৈ ওলাই গৈছিল। কিন্তু ঘূৰি আহি ঘৰত উপস্থিত হোৱাৰ সময়ত ঘৰৰ পাছফালে থকা এটা খেৰী ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত পৰি থকা এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে।

দিনদুপৰতে ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগেই পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওখনতে হাহাকাৰ লাগে। পিছত গাঁওবুঢ়া আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ ডকমকা আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে ডকমকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে। বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ডকমকা আৰক্ষীয়ে পৰিয়ালটিৰ কেইবাজনো লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।













