ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

নিউজ ডেস্কঃ

News Desk by News Desk
September 14, 2026
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

New Logo Smal 1 | ASSAM TIMES POST

মণিপুৰত অব্যাহত আছে অশান্তিকৰ পৰিৱেশ। বিগত ২৪ ঘণ্টাত দুটা পৃথক ঘটনাত কুকি জনগোষ্ঠীৰ চাৰিজন লোকক গুলীয়াই হত্যা কৰা হৈছে। গুলীচালনাত এটা শিশুও আহত হয়। কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে কুকি সংগঠনসমূহে অভিযোগ কৰিছে যে নগা জনগোষ্ঠীয়ে এই আক্ৰমণ সংঘটিত কৰিছে। কিন্তু প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে কোনো সংগঠনে হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই। দুয়োটা ঘটনা সংঘটিত হৈছে মণিপুৰৰ তামেনলং জিলাত। প্ৰথমটো আছিল দেওবাৰে পুৱা প্ৰায় ৫.৩০ বজাত। তামেনলং জিলাৰ টলেন গাঁৱত অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে কুকি দম্পতীক আক্ৰমণ কৰে। বন্দুকধাৰীৰ আক্ৰমণত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। তেওঁৰ স্বামী আৰু ছয় বছৰীয়া শিশুটি গুলীৰ আঘাতত আহত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ সময়ত মৃত্যু হয় স্বামীৰো। শেহতীয়া তথ্য অনুসৰি, দম্পতীহালৰ সন্তানৰ শৰীৰৰ পৰা গুলী বাহিৰ কৰা হৈছে আৰু তেওঁ এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে।

আনহাতে, দুপৰীয়া তামেনলঙৰ লংপি গাঁৱত পুনৰ কুকি জনগোষ্ঠীৰ দুজন লোকক আক্ৰমণ কৰা হয়। এগৰাকী মহিলাও আক্ৰমণৰ বলি হয়। দুষ্কৃতিকাৰীয়ে দুয়োকে গুলীয়াই হত্যা কৰে। দেওবাৰে সংঘটিত এই ঘটনাৰ পিছত জিলাখনত এগৰাকী মহিলাৰ সন্ধান পোৱা হোৱা নাই বুলি দাবী কৰিছে এটা কুকি নাগৰিক সংগঠনে।

man | ASSAM TIMES POST
মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনান খেমচান্দ সিঙে এই হত্যাকাণ্ডৰ গৰিহণা দিয়ে। মণিপুৰৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, “এনে কাপুৰুষালিৰ আক্রমণ সহ্য কৰা নহ’ব।” অৱশ্যে এই ঘটনাৰ লগত কোন বা কিয় জড়িত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

উল্লেখ্য যে ১৯৯২ চনৰ পৰা মণিপুৰত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। বিভিন্ন হিচাপ অনুসৰি, সেই সংঘাতত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। পিছলৈ ২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকিৰ মাজত সংঘাতৰ সৃষ্টি হয়। সেই সংঘাতত ২৬০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। সংঘাত আৰম্ভ হোৱাৰ প্ৰায় ২১ মাহৰ পাছত ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰে। চাৰিদিন পিছত ১৩ ফেব্ৰুৱাৰীত ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। ইয়াৰ প্ৰায় এবছৰৰ পাছত ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰি বিজেপিৰ য়ুমনাম খেমচান্দ সিঙৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurViolence
Share4Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
55
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d