
সোণাপুৰত বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। মেধিকুছিত অভিযান চলাই আটক দুই সন্দেহযুক্ত সৰবৰাহকাৰী। জব্দ ছটা সন্দেহযুক্ত কস্তুৰী মৃগৰ গ্ৰন্থি। জব্দ কৰা গ্ৰন্থিকেইটাৰ মুঠ ওজন ১৫৮ গ্ৰাম। আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত জব্দকৃত সামগ্ৰীখিনিৰ আনুমানিক মূল্য ৬০ লক্ষাধিক টকা।

অৰুণাচল প্ৰদেশৰ পৰা আনি অসমৰ বাহিৰলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ সন্দেহ। আটক মগে দয়ে আৰু নকফুৱা ৱাংছা। মগে দয়েৰ ঘৰ অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ছিয়াং জিলাৰ ছেৰেনত। নকফুৱা ৱাংছাৰ ঘৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰদুমচাত। সোণাপুৰ আৰক্ষীৰ এই সফল অভিযান। চোৰাং সৰবৰাহকাৰী চক্ৰটোৰ সবিশেষ তথ্যৰ বাবে আটকাধীন দুয়োজনক আৰক্ষীৰ মাৰাথন জেৰা।













