ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

নিউজ ডেস্কঃ

News Desk by News Desk
October 6, 2026
Reading Time: 1 min read
A A
0
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

RELATED POSTS

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

New Logo Smal 2 | ASSAM TIMES POST

এজন যুৱকৰ বিৰুদ্ধে এগৰাকী মহিলাক আৰক্ষীৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱাৰ (committing sexual assault) ‘এআই ভিডিঅ’ বনোৱাৰ অভিযোগ। ইতিমধ্যে এই ঘটনাত নাদীম আহমেদ নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৪ বছৰীয়া যুৱকজন হাৰিয়ানাৰ পালৱালৰ। আৰক্ষীৰ তথ্য অনুসৰি, নাদীমে নিজকে সাংবাদিক বুলি দাবী কৰে। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁ এআইৰ সহায়ত সৃষ্টি (AI created) কৰা কনটেণ্ট ইনষ্টাগ্ৰামত প্ৰচাৰ (Promotion on Instagram) কৰিছিল।

দিল্লীৰ অতিৰিক্ত উপায়ুক্ত মঞ্জিতে জনোৱা মতে, যোৱা শনিবাৰে (৩ অক্টোবৰ) ছ’চিয়েল মিডিয়াত এটা ফুটেজ প্ৰচাৰ কৰা হৈছিল। দৰাচলতে সেইদিনা দিল্লীত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী চলি আছিল। অতিৰিক্ত ডিচিপিয়ে কয় যে এই ফুটেজটো প্ৰতিবাদস্থলীৰ চিচিটিভি ফুটেজ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত আৰক্ষীৰ ইউনিফৰ্ম পৰিহিত এজন লোকে এগৰাকী মহিলাক নিৰ্যাতন চলাই থকা দেখা গৈছে। আৰক্ষীৰ পোছাক পৰিহিত লোকজনৰ পৰিচয়ো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। কিন্তু আৰক্ষীয়ে দাবী কৰে যে পিছত তদন্তত দেখা গ’ল যে কনটেণ্টটো এআইৰ দ্বাৰা সৃষ্টি কৰিছে। জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদৰ সময়ত এগৰাকী মহিলা সাংবাদিকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে দিল্লী আৰক্ষীৰ এগৰাকী এচিপিৰ বিৰুদ্ধে। ইয়াকে লৈ বিগত কেইদিনমানৰ পৰা সমগ্ৰ দেশত উত্তেজনাৰ সৃষ্টি হৈছে। ইফালে এগৰাকী মহিলাক আৰক্ষীৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱাৰ ‘এআই ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱক। অৱশ্যে এই দুয়োটা ঘটনাৰ মাজত কোনো সম্পৰ্ক আছে নে নাই সেই বিষয়ে স্পষ্ট কৰা নাই দিল্লী আৰক্ষীয়ে।

delhi2 | ASSAM TIMES POST
এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

দিল্লীৰ অতিৰিক্ত ডিচিপি মনজিতে কয় যে তদন্তকাৰীয়ে ভিডিঅ’টো পোষ্ট কৰা ছ’চিয়েল মিডিয়া হেণ্ডেলটো চিনাক্ত কৰিছে। তেওঁ কয়, “হাৰিয়ানাৰ পালৱালৰ বাসিন্দা নাদীম আহমেদে ইয়াক ব্যৱহাৰ কৰি আছিল। আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ। প্ৰাৰম্ভিক জেৰাৰ সময়ত তেওঁ নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে। লগতে কয় যে তেওঁ দিল্লীৰ সাকেটৰ এখন মাদ্ৰাছাত দশম শ্ৰেণীলৈকে পঢ়িছিল। অৱশ্যে তেওঁ দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা নাছিল।” আৰক্ষীৰ দাবী, ধৃত ব্যক্তিজনে যোৱা বছৰৰ এপ্ৰিল মাহত এটা ইনষ্টাগ্ৰাম একাউণ্ট খুলিছিল। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ১,২২৬টা পোষ্ট আৰু প্ৰায় ২৪,০০০ ফ’ল’ৱাৰ আছে। আৰক্ষীয়ে দাবী কৰে যে জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে তেওঁলোকক কয় যে তেওঁৰ হাতত এটা ‘এআই সঁজুলি’ আছে। ইয়াৰ সহায়ত তেওঁ এনেধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰিছিল। অতিৰিক্ত ডিচিপিয়ে কয়, “গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক এনে ভিডিঅ’ কিয় বনোৱা হৈছে বুলি সোধা হৈছিল। তেওঁ উত্তৰ দিছিল যে তেওঁ আৰক্ষীৰ ভাবমূৰ্তি কলংকিত কৰিব বিচাৰে। তেওঁ বিচাৰিছিল যে প্ৰতিবাদকাৰীয়ে আৰক্ষীক ঘৃণা কৰক যাতে তেওঁলোকে তেওঁলোকক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।” দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে ককৰোচ জনতা পাৰ্টী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন অধিক সক্ৰিয় আছিল। ইতিমধ্যে যুৱকজনৰ মোবাইল ফোন জব্দ কৰা হৈছে। ইয়াৰ তথ্য বিশ্লেষণ কৰা হ’ব। ইয়াতকৈও আন বৃহৎ ষড়যন্ত্ৰ জড়িত আছে নেকি সেয়া তদন্ত কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে সাংবাদিকগৰাকীৰ সৈতে আৰক্ষী বিষয়াগৰাকীৰ আচৰণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছত মঙলবাৰে দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলক পৰামৰ্শ জাৰি কৰে। প্ৰতিজন সাংবাদিককে নিজৰ নিজৰ সংগঠনৰ পৰিচয় পত্ৰ পিন্ধিবলৈ কোৱা হৈছে। যাতে প্ৰতিবাদস্থলীত নিয়োজিত আৰক্ষী জোৱানসকলে তেওঁলোকক সহজে চিনাক্ত কৰিব পাৰে। বাতৰি সংগ্ৰহ কৰাৰ সময়ত নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈও জনাইছে আৰক্ষীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Delhiprotest
Share4Tweet3Send

Related Posts

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
51
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
51
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
52
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
50
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d