
অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ (Uriamghat) দক্ষিণ নামবৰ বনাঞ্চলত (South Number Forest Area) চলিল উচ্ছেদ অভিযান (Eviction drive)। দুৰ্গোৎসৱৰ দিনাই দক্ষিণ নামবৰ বনাঞ্চলৰ ৰজাপুখুৰী আৰু গেলাজান গাৱৰ ১২ টাকৈ পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডজাৰ। এফালৰ পৰা ভাঙি তচনচ কৰিল বনাঞ্চলৰ ভূমিত থকা বেদখলকাৰীৰ বাসগৃহ।
অসম চৰকাৰৰ তৰফৰ পৰা চলোৱা উচ্ছেদ অভিযানত নগা প্ৰশাসন আৰু দল সংগঠনে পুৰ্ণ সহযোগ কৰে। পুৰ্বে এই অঞ্চলত অসম চৰকাৰে উচ্ছেদ অভিযান চলাইছিল। কিন্তু গাওঁ দুখনৰ ১২টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। শেষতীয়াকৈ উচ্চ ন্যায়ালয়ৰ গোছৰত পৰিয়াল কেইটাই হাৰি যোৱাত অসম চৰকাৰৰ প্ৰশাসনে উচ্ছেদ অভিযান চলায়।










