
সামাজিক মাধ্যমৰ পোষ্ট ব্লক কৰাক লৈ কেন্দ্ৰীয় চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে, এই সন্দৰ্ভত পাঁচ মাহত প্ৰায় ১.৯৫ লাখ টেকডাউন অৰ্ডাৰ জাৰি কৰিছে কেন্দ্ৰই । এই নিৰ্দেশনা চলিত বর্ষৰ মাৰ্চ মাহৰ পৰা জুলাই মাহলৈ জাৰি কৰা হৈছিল । সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্ম ইনষ্টাগ্ৰাম (Instagram), ফেচবুক (Facebook) আৰু ইউটিবলৈ (YouTube) এই ব্লকিং অৰ্ডাৰ প্ৰেৰণ কৰা হৈছে । ইয়াৰে ভিতৰত ইনষ্টাগ্ৰামলৈ প্ৰায় ১ লাখ কনটেণ্ট ব্লকিঙৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

আনহাতে, ফেচবুকলৈ প্ৰায় ৮০ হাজাৰ আৰু ইউটিউবলৈ প্ৰায় ১৫ হাজাৰ কনটেণ্ট ব্লকিঙৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। এই হিচাপত দেশত বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মলৈ দৈনিক গড়ে প্ৰায় ১,২৭৫টা ব্লকিং অৰ্ডাৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে। ইয়াৰ উপৰি কৃত্ৰিম বুদ্ধিমত্তাৰে (AI) নিৰ্মিত ভুৱা ভিডিঅ’ আৰু আপত্তিজনক কনটেণ্টৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জেন জিৰ প্ৰতিবাদৰ সমৰ্থনত দিয়া পোষ্ট, ইথানল মিশ্ৰিত ইন্ধন নীতিৰ সমালোচনা, পশ্চিমবংগৰ নিৰ্বাচন সম্পৰ্কীয় কনটেণ্টক লৈ দিয়া পোষ্ট ব্লকিঙৰ নিৰ্দেশনা প্ৰদান কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।













