
বুধবাৰে মাজনিশা ঢকুৱাখনাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। ঢকুৱাখনাৰ মাতমৰা মথাউৰিত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক। আনহাতে, আঘাতপ্ৰাপ্ত হয় আন তিনিজন। বন্ধুবৰ্গৰ সৈতে মাজনিশা ফুৰিবলৈ ওলাই অহাৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হয়। মাজুলীৰ দিশৰ পৰা বগীবিল দিশেলৈ এখন অল্টো গাড়ীৰে ৫ বন্ধু গৈ থকা অৱস্থাত মাতমৰাত বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায়।

ইয়াৰ পিছত গাড়ীখন মথাউৰিৰ ওপৰৰ পৰা তলত বাগৰি পৰে। এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুৰ্লভ বৰুৱা আৰু বিচিত্ৰ বৰা নাম যুৱক দুজন। আনহাতে, বিশ্বজিত খনিকৰ, অমৰজ্যোতি শইকীয়া আৰু বিশ্বজিত শইকীয়া নামৰ আন তিনিজন যুৱক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। যুৱককেইজনৰ ঘৰ ঘিলামৰা থানাৰ অন্তৰ্গত বেবেজীয়াত বুলি জানিব পৰা গৈছে।
আনহাতে, উন্নত চিকিৎসাৰ বাবে আঘাতপ্ৰাপ্ত বিশ্বজিত শইকীয়াক অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে নিহত দুই যুৱকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।












