
কাৰ্বি আংলঙৰ খটখটী আৰু লাহৰিজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান। ৰে’ল বিভাগৰ বেদখলীকৃত ভূমি মুকলি কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই উচ্ছেদ অভিযান চলায়।

১০ নৱেম্বৰত জাৰি কৰা চূড়ান্ত জাননীৰ ভিত্তিত আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত চলোৱা অভিযানৰ নেতৃত্ব দিয়ে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকে। এই অভিযানত ৰে’লৱেৰ ভূমিত নিৰ্মাণ কৰা বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ, মছজিদ আদি উচ্ছেদ কৰা হয়।
আনহাতে, এটা মছজিদৰ কিছু অংশ অহা ২৫ নৱেম্বৰৰ ভিতৰত নিজাববীয়াকৈ ভাঙি পেলাবলৈ ৰে’ল বিভাগৰ সৈতে হোৱা আলোচনাত মছজিদ পৰিচালনা সমিতিয়ে সন্মতি প্ৰকাশ কৰে। অৱশ্যে এই অভিযানত ক্ষয়-ক্ষতিৰ পৰামাণ বা বেদখলমুক্ত কৰা ভূমিৰ পৰিমাণ সন্দৰ্ভত ৰে’ল বিভাগে এই পৰ্যন্ত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।












