
এজন প্ৰকাশকে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বহু গ্ৰন্থ লিখি ছপা কৰি তামিলনাডুৰ চৰকাৰী পুথিভঁৰালত বিক্ৰী কৰি আছিল। ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই ১.৭৪ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মোহন নামৰ এজন ব্যক্তিক।

ডিভিএচিৰ বিষয়াসকলে প্ৰকাশ কৰা কামৰ আঁৰত মোহনে ‘আগল ভিলাক্কু’ আৰু ‘ফিনিক্স’ নামৰ দুটা ভুৱা প্ৰকাশন প্ৰতিষ্ঠান খুলিছিল। এই কোম্পানীসমূহৰ জৰিয়তে তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত হাজাৰ হাজাৰ কিতাপ ছপা কৰিছিল। দামো যথেষ্ট বেছি। তদন্তত প্ৰকাশ পাইছে যে ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত মোহনে মুঠ ৫,৩১৬ খন আইএছবিএন কিতাপ পঞ্জীয়ন কৰিছিল।
ইয়াৰে ‘আগল ভিলাক্কু’ৰ পৰা ২,৩৯৩ খন আৰু ‘ফিনিক্স’ৰ পৰা ২,৯২৩খন গ্ৰন্থ প্ৰকাশ পাইছিল। মণিকা, ৰবি, লক্ষ্মী আদি ছয়গৰাকী কাল্পনিক লেখিকাৰ নামত ১০০ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ পোৱা বুলিও বিষয়াসকলে জানিবলৈ দিয়ে। ইয়াৰ বাহিৰেও আৰু ৭৪ গৰাকী কাল্পনিক লেখকৰ নাম পোৱা গৈছে। কাল্পনিক ভাৰতীয় লেখকৰ নামত বিদেশী লেখকৰ জনপ্ৰিয় গ্ৰন্থসমূহ কপি কৰি প্ৰকাশ কৰাও দেখা গৈছে। ইয়াৰ ভিতৰত আছে নীনা শ্বিকৰ দ্বাৰা ৰচিত ‘ডীপফেক: দ্য কমিং অব ইনফ’কেলিপছ’ নামৰ গ্ৰন্থখন।
চৰকাৰী নিয়ম অনুসৰি পুথিভঁৰালটোৱে ক্ৰয় কৰিবলগীয়া কিতাপৰ তালিকাখন গ্ৰন্থ বাছনি সমিতি আৰু মূল্য নিৰ্ধাৰণ সমিতিৰ অনুমোদনৰ পিছতহে চূড়ান্ত কৰা হয়। অভিযোগ অনুসৰি, ২০২৫ চনত গঠন হোৱা সমন্বয় সমিতিখনে মোহনৰ প্ৰকাশিত গ্ৰন্থসমূহ পৰীক্ষা নকৰাকৈয়ে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰিছিল। কয়ম্বটুৰৰ পেৰিয়াৰ আৰিভুলাগমকে ধৰি ৰাজ্যৰ বিভিন্ন চৰকাৰী পুথিভঁৰালৰ বাবে এই গ্ৰন্থসমূহ ক্ৰয় কৰা হৈছিল।
৬ নৱেম্বৰত তামিলনাডু স্কুল শিক্ষা বিভাগে ডিভিএচিলৈ পত্ৰ লিখি ৰাজ্যখনৰ ১২টা পুথিভঁৰালৰ বাবে কিতাপ ক্ৰয়ৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিতং তদন্তৰ বাবে অনুৰোধ জনায়।
১৫ নৱেম্বৰত দুৰ্নীতি নিবাৰক শাখাই মোহন আৰু পুথিভঁৰালৰ দায়িত্বত থকা বিষয়াসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ গোচৰ ৰুজু কৰে। যোৱা সোমবাৰে ডিভিএচিৰ বিষয়াসকলে মোহনৰ ঘৰ, প্ৰকাশন কাৰ্যালয় আৰু ছপাশালকে ধৰি কমেও ৭টা স্থানত তালাচী চলায়। জব্দ হয় হাৰ্ড ডিস্ক আৰু কেইবাটাও নথি-পত্ৰ। মোহনকো গ্ৰেপ্তাৰ কৰা হয়।













