ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

Staff Reporter by Staff Reporter
November 27, 2026
Reading Time: 1 min read
A A
0
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

RELATED POSTS

JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

New Logo Smal 1 | ASSAM TIMES POST

ডিচেম্বৰ মাহ ওচৰ চাপি অহাৰ লগে লগে বাংলাদেশত পুনৰ অশান্তি সৃষ্টি হৈছে। বৃহস্পতিবাৰে নিশা ঢাকাত দুখন বাছত অগ্নিসংযোগ (Bangladesh Violence) কৰা হয়। এটা ঘটনা সংঘটিত হৈছে ৰাজধানীৰ পল্লৱীত, আনটো বড্ডা অঞ্চলত। বোমা বিস্ফোৰণো চলি আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ বাংলাদেশত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। এদিনতে এক বিশেষ অভিযানত আৱামী লীগৰ ৩৩৮ গৰাকী নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।

Bangladesh violence I
পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ:

কিছুদিন পূৰ্বে আৱামী লীগৰ দীৰ্ঘদিনীয়া দুৰ্গ হিচাপে পৰিচিত গোপালগঞ্জ আৰু টুংগীপাৰা জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল। তাত থানা আৰু বিএনপিৰ এজন নেতাৰ ঘৰত জুই লগাই দিয়া হয়। অস্ত্ৰ-শস্ত্ৰ লৈ সমদল উলিওৱা হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাংলাদেশ চৰকাৰে আগতীয়াকৈ গোপালগঞ্জত ৰে’ল সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লয়।

বৃহস্পতিবাৰৰ পৰা তাত মোবাইল বেংকিং সেৱাও ব্যাহত হ’বলৈ আৰম্ভ কৰে। প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি, গোপালগঞ্জৰ অধিকাংশ গ্ৰাহকৰ মোবাইল বেংকিং সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কেৱল গোপালগঞ্জতে মোবাইল বেংকিং সেৱা কিয় ব্যাহত হ’ল সেই সন্দৰ্ভত বাংলাদেশে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই। অৱশ্যে আৱামী লীগৰ নেতা, কৰ্মী আৰু সমৰ্থকসকলৰ আৰ্থিক লেনদেন ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অনুমান কৰা হৈছে।

বেংকিং কোম্পানীসমূহৰ চৰকাৰী সূত্ৰ অনুসৰি ‘প্ৰথম আলো’ই চৰকাৰী নিৰ্দেশত মোবাইল বেংকিং সেৱা বন্ধ কৰি দিয়াৰ বাতৰি প্ৰকাশ কৰিছে। বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ সূত্ৰই দাবী কৰিছে যে ঢাকাকে ধৰি বাংলাদেশৰ অন্যান্য জিলাৰ তুলনাত শেহতীয়াকৈ গোপালগঞ্জত বিত্তীয় লেনদেন ‘অস্বাভাৱিক মাত্ৰা’ত হৈছে। সেইবাবেই গোপালগঞ্জত মোবাইল বেংকিং সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ কেইবাগৰাকীও বিষয়াই ‘প্ৰথম আলো’ক জনোৱা মতে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বিভিন্ন জিলাৰ বহু লোকে গোপালগঞ্জত আশ্ৰয় লৈছে। আৰক্ষীৰ হাতত তেওঁলোকৰ মোবাইল ফোনলৈ ধন প্ৰেৰণ কৰাৰ চোৰাংচোৱা তথ্যও আছে। অৱশ্যে সেই বিষয়াসকলে আৱামী লীগৰ কথা পোনপটীয়াকৈ উল্লেখ কৰা নাই।

উল্লেখ্য যে আৱামী লীগৰ নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ সমগ্ৰ বাংলাদেশত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। বুধবাৰৰ পুৱাৰ পৰা বৃহস্পতিবাৰৰ পুৱাৰ ভিতৰত তেওঁলোকে ২৪ ঘণ্টাত শ্বেখ হাছিনাৰ দলৰ কমেও ৩৩৮ জন নেতা, কৰ্মী আৰু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰে কেৱল ঢাকাৰ পৰাই ৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা লোকৰ ভিতৰত আছে হাছিনাৰ প্ৰাক্তন উপ-প্ৰেছ সম্পাদক কে এম শ্বেখাৱত মুন, মাদাৰিপুৰৰ প্ৰাক্তন জিলা দণ্ডাধীশ ইলিয়াছ হোছেইন আৰু দুবছৰ পূৰ্বে নিউটাউনত ‘হত্যা’ হোৱা আৱামী লীগৰ সাংসদ আনোৱাৰুল আজিমৰ কন্যা মুমতাৰিন ফিৰদৌছ ড’ৰিন।

বাংলাদেশত চলি থকা অশান্তিৰ মাজতে বৃহস্পতিবাৰে নিশা ঢাকাত এখন বাছত জুই লগাই দিয়া হয়। মাজনিশা ঢাকাৰ পল্লৱীত এখন চলন্ত বাছত অগ্নিসংযোগ কৰা হয়। অৱশ্যে সেই সময়ত বাছখনত কোনো যাত্ৰী নাছিল। ঢাকাৰ বড্ডা অঞ্চলতো দুৰ্বৃত্তই এখন বাছৰ পিছফালে জুই লগাই দিয়ে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে চালকজনে খৰধৰকৈ বাছখন ৰখাই যাত্ৰীসকলক নমাই দিয়ে।

‘প্ৰথম আলো’ৰ মতে, ঢাকা আৰু কুষ্টিয়াতো বোমা বিস্ফোৰণ সংঘটিত হৈ আছে। বাংলাদেশৰ চট্টগামকে ধৰি ছটা স্থানত আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰা হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ঢাকা আৰু গোপালগঞ্জকে ধৰি সাতখন জিলাত আৰক্ষীৰ সমান্তৰালকৈ বিজিবিৰ ১০৯টা প্লাটুন মোতায়েন কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পুনৰ অস্থিৰ বাংলাদেশ:বাছত অগ্নিসংযোগবোমা বিস্ফোৰণ
Share4Tweet3Send

Related Posts

JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী
National-International

JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী

by Staff Reporter
November 27, 2026
50
LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র
National-International

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

by Staff Reporter
November 27, 2026
50
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল
National-International

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

by Staff Reporter
November 27, 2026
50
বিচ্ছেদৰ প্ৰতিশোধ! শাহুআইক ঘপিয়াই হত্যা প্রাক্তন জোঁৱাইৰ
National-International

Brothers killed woman I দুই জায়েকৰ মাজত কাজিয়া, খঙত দুয়োকে হত্যা কৰি পুতি থলে দুই ভাতৃয়ে

by Staff Reporter
November 27, 2026
50
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Parliament 4 days session । আসন বৃদ্ধি আৰু মহিলা বিধেয়কক লৈ বিতৰ্কৰ মাজতে সংসদৰ অধিৱেশন আহ্বান

by Staff Reporter
November 27, 2026
50
Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ
National-International

Pak series ban I পাকিস্তানী ধাৰাবাহিক ভাৰতত প্ৰদৰ্শন কৰিব নোৱাৰিব, নেটফ্লিক্সলৈ কেন্দ্ৰৰ নিৰ্দেশ

by Staff Reporter
November 26, 2026
50
ADVERTISEMENT
JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী
National-International

JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী

November 27, 2026
50
LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র
National-International

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

November 27, 2026
50
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ
National-International

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

November 27, 2026
50
Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল
National-International

Bhargavastra I পোখৰাণত ‘ভাৰ্গবাস্ত্ৰ’ৰ সফল উৎক্ষেপণ, শত্ৰু দেশৰ ড্ৰোনত আক্ৰমণ কৰিবলৈ সাজু মাইক্ৰ’ মিছাইল

November 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী

JEM leader arrested I বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ, বদোদৰাত অস্ত্ৰসহ গ্ৰেপ্তাৰ অসমৰ জৈছ সন্ত্ৰাসবাদী

November 27, 2026
LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

LS constituency delimitation I সকলো ৰাজ্যতে লোকসভাৰ আসন ৫০ শতাংশ বৃদ্ধি পাব, বিধেয়ক গৃহীত কৰিবলৈ তৎপৰ কেন্দ্র

November 27, 2026
Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

Bangladesh violence I পুনৰ অস্থিৰ বাংলাদেশ: বোমা বিস্ফোৰণ, বাছত অগ্নিসংযোগ

November 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d