
২৪ ঘণ্টাৰো অধিক সময়ৰ অচলাৱস্থাৰ পাছত নতুন মুখ্যমন্ত্ৰী লাভ কৰে ঝাৰখণ্ডই। শুকুৰবাৰে চম্পাই ছ’ৰেনে (Champai Soren) নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে বুধবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেৰাৰ অন্তত হেমন্ত ছ’ৰেনক গ্ৰেপ্তাৰ কৰে। তেতিয়ালৈকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল হেমন্ত। গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ জমা দিয়ে তেওঁ।

আনহাতে, পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চম্পাই ছ’ৰেনৰ নাম ঘোষণা কৰা হয়। কিন্তু বুধবাৰৰ পৰা শুকুৰবাৰৰ বিয়লিলৈ এই সময়ছোৱাত ঝাৰখণ্ডত কোনো চৰকাৰ নাছিল। তাৰ মাজতে চম্পাই ছ’ৰেনেও ৰাজ্যপালক চৰকাৰ গঠনৰ বাবে সাক্ষাৎ কৰে। বিধায়ক ক্ৰয়, ‘অপাৰেচন লোটাছ’কে ধৰি কেইবাটাও বিষয়ত জল্পনা-কল্পনা আৰম্ভ হোৱাত তেওঁৰ সমৰ্থনত বিধায়কক স্থানান্তৰৰ ব্যৱস্থাও কৰে। অৱশেষত বৃহস্পতিবাৰে নিশা ৰাজ্যপালৰ পৰা নিমন্ত্ৰণ আহে।
শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ কিছু সময়ৰ পিছতে চম্পাই ছ’ৰেনে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৮১ আসনৰ ঝাৰখণ্ড বিধানসভাত সংখ্যাগৰিষ্ঠ সংখ্যা ৪১। শাসকীয় মিত্ৰজোঁটৰ ৪৭ জন বিধায়ক। ঝাৰখণ্ড লিবাৰেচন ফ্ৰণ্ট ২৯, কংগ্ৰেছ ১৬, আৰজেডি ১ আৰু চিপিআইৰ (মুক্তি) ১। গ্ৰেপ্তাৰৰ বাবে হেমন্তই বিধানসভা নিৰ্বাচনত অংশ ল’ব নোৱাৰিব। বৰ্তমান চম্পাইৰ সৈতে ৪৩ গৰাকী বিধায়ক আছে।
বাকী চাৰিজন বিধায়কৰ অৱস্থান এতিয়াও প্ৰকাশ কৰা নাই মিত্ৰজোঁটৰ। আনহাতে বিৰোধী শিবিৰত ৩২জন বিধায়ক। ইয়াৰে ২৫ জন বিজেপি, ৩ জন আজছুৰ, ১ জন এন চি পি (অজিত) আৰু ৩ জন নিৰ্দলীয় দলৰ। আগন্তুক ১০ দিনৰ ভিতৰত চম্পাই ছ’ৰেনে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।












