
এইবাৰ ব্যক্তিগত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ (Teacher harras student)। তাকো এজন নহয়, তিনিজন ব্যক্তিগত শিক্ষকে তেওঁলোকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।জানিব পৰা মতে, ইয়াৰে অভিযুক্ত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনজন পলাতক। মুম্বাইত সংঘটিত হৈছে এই ঘটনা।

শিক্ষাৰ নামত এবাৰ নহয় কেইবাবাৰো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। আৰক্ষীয়ে জনোৱা মতে, ১৩ বছৰীয়া এগৰাকী কিশোৰীগৰাকীয়ে পূৰ্বতে অভিযুক্ত তিনিজনৰ ওচৰত টিউচন লৈছিল। তাতে তেওঁৰ লগত কেইবাবাৰো অশ্লীল আচৰণ কৰিছিল।
আনকি গোপন ফটোও লয়। অভিযোগ কৰা হৈছে যে সেই ফটো দেখুৱাই তেওঁক বাৰে বাৰে যৌন নিৰ্যাতন চলাইছিল।
জানিব পৰা মতে ছাত্ৰীগৰাকীৰ মাতৃৰ বিবাহ বিচ্ছেদ হৈছে। তেওঁ মাতৃৰ লগত অকলে থাকে। ঘৰত পুৰুষ সদস্যৰ অনুপস্থিতিৰ সুযোগ লয় অভিযুক্তই।
ইফালে ঘটনা সন্দৰ্ভত তেওঁ প্ৰথমে মাতৃক একো নক’লেও পিছত সকলো কথা কয়। প্ৰথমে কিশোৰীগৰাকীৰ মাতৃয়ে অকলে থকাৰ বাবে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল। পিছত আত্মীয়ৰ পৰামৰ্শ মতে থানাত এজাহাৰ দাখিল কৰে।
ইতিমধ্যে তিনি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। ইয়াৰে গৌতম আৰু তৰুণ নামৰ দুজন শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন শিক্ষক সত্যৰাজ পলাতক হৈ আছে। তেওঁৰ সন্ধান চলি আছে। অভিযুক্তৰ বিৰুদ্ধে পকছো (POCSO) আইনৰ ৩৫৪ আৰু ৩৭৪ (২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।












