ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Journalists protest in Guwahati : দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত মহানগৰ কঁপালে সাংবাদিকে

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
March 26, 2025
Reading Time: 1 min read
A A
0
Journalists protest in Guwahati : দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত মহানগৰ কঁপালে সাংবাদিকে

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

জ্যেষ্ঠ সাংবাদিক (Sr. Journalist) তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ (Dilwar Hussain Majumdar)ক গ্ৰেপ্তাৰৰ প্ৰতিবাদ (Protests against arrest) আৰু শীঘ্ৰে মুকলিৰ দাবীত বুধবাৰে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ (Strong protests in Guwahati) সাব্যস্ত কৰে সাংবাদিকসকলে। গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বানত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ কেইবা শ সাংবাদিক তথা সংবাদ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক একেমুখে গৰিহণা দিয়ে। লগতে চৰকাৰে সংবাদ মাধ্যমৰ কণ্ঠ ৰোধৰ বাবে চেষ্টা কৰা বুলি অভিযোগ তুলি বাক স্বাধীনতা ৰোধ কৰিব বিচৰা কাৰ্য্যক ধিক্কাৰ দিয়ে।

ph 2 1 | ASSAM TIMES POST
দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত মহানগৰ কঁপালে সাংবাদিকে

গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত তথা গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী পৰৱৰ্তী সময়ত পাণবজাৰ থানালৈ আগবাঢ়ে। ইয়াৰ পিছত চি জে এম আদালতৰ সন্মুখত অৱস্থান কৰে প্ৰতিবাদকাৰীসকলে। সাংবাদিকসকলে প্ৰতিবাদী সমদল উলিয়াই পাণবজাৰ থানালৈ যাত্ৰা কৰাৰ সময়ত আৰক্ষীৰে এক হেঁচা-ঠেলা পৰিস্থিতিৰো সৃষ্টি হয়। ইফালে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰাৰ নামত জোৰ-জুলুম কৰাৰো অভিযোগ উঠিছে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ গুৱাহাটীস্থিত সাংবাদিক-সংবাদ কৰ্মীসকলে একত্ৰিতভাৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আনহাতে, বহুকেইগৰাকী জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তিয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰৰ দমনমূলক নীতিৰ একেমুখে গৰিহণা দিয়ে।

উল্লেখযোগ্য যে ক্ৰছ কাৰেণ্ট নামৰ ডিজিটেল সংবাদ মাধ্যমটোৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক মঙলবাৰে নিশা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰথম অৱস্থাত এপেক্স বেংকত সংঘটিত কেলংকাৰী আৰু অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰাৰ বাবে দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানাত আটক কৰি ৰখাৰ অভিযোগ। প্ৰশ্ন কৰাৰ বাবেই থানাত কেইবা ঘণ্টা আবদ্ধ হৈ থাকিবলগীয়া হয় সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ।

ph 2 | ASSAM TIMES POST
গুৱাহাটীত দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত প্ৰতিবাদ

মঙলবাৰে দুপৰীয়া এপেক্স বেংকত সংঘটিত অনিয়ম-কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে। সেই সময়ত বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। কয় অভিযোগ অনুসৰি, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছত আৰক্ষীয়ে আহি সাংবাদিক দিলৱাৰ হুছেইনক আটক কৰি লৈ যায়।

কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ পৰিয়ালৰ লোক আৰু অধিবক্তা আহি সাংবাদিকজনক সাক্ষাৎ কৰিব বিচাৰে যদিও তাৰ অনুমতি দিয়া নহয়। অৱশেষত প্ৰায় সাত ঘণ্টা পিছত নিশা ১২ বজাৰ পিছত SC/ST protection আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে অভিযোগ, বেংকটোৰ এগৰাকী বড়ো উপাধিৰ কৰ্মচাৰীক তেওঁৰ জাতিগত প্ৰসংগ উল্লেখ কৰি উচ্চ-বাচ্য কৰিছিল সাংবাদিকগৰাকীয়ে। উক্ত কৰ্মচাৰীজনৰ এজাহাৰৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জনায়।

Tags: JournalistsProtestinGuwahatiদিলৱাৰহুছেইনমজুমদাৰৰমুক্তিৰদাবী
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx