
পশ্চিম কাৰ্বি আংলঙ (West Karbi Anglong)ৰ আমৰি (অনুসূচিত জনজাতি) বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডাঃ হাবে টেৰণ (Dr. Habe Teron)ক অসম বিধানসভাৰ (Assam Legislative Assembly) উপাধ্যক্ষ হিচাপে নিৰ্বাচন (Election of the Deputy Speaker)৷ অহা জুলাই মাহত অনুষ্ঠিত হ’বলগা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে হাবে টেৰণক ৰাজ্য়ৰ বিধানসভাৰ উপাধ্য়ক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
আনহাতে, হাবে টাৰেণক বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে, “ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ পদৰ বাবে আমাৰ প্ৰাৰ্থী হ’ব আমৰি (অনুসূচিত জনজাতি) পাৰ্বত্য সমষ্টিৰ মাননীয় বিধায়ক ডাঃ হাবে টেৰণ।

এজন চিকিৎসা পেছাদাৰী আৰু নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নিৰ্বাচিত প্ৰতিনিধি ডাঃ টেৰণে আমাৰ জনজাতীয় সম্প্ৰদায়ৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ লগতে বিধানসভাত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠস্বৰক অধিক শক্তিশালী কৰিব। এই বিশেষ মুহূৰ্তত ডাঃ টেৰণলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।”
ইফালে বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনীত কৰাৰ পিছত বিধায়ক ডাঃ হাবে টেৰণে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তথা বিধায়ক ডঃ তুলিৰাম ৰংহাঙে তেওঁক অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে আস্থা, বিশ্বাস আৰু সমৰ্থন জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এই দায়িত্ব প্ৰদানৰ ফলত তেওঁ গভীৰভাৱে সন্মানিত হোৱা বুলি উল্লেখ কৰি কয় যে তেওঁ নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে অসমবাসীক সেৱা আগবঢ়াবলৈ দায়বদ্ধ। তেওঁ বিধানসভাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি ৰাজ্যখনৰ কল্যাণ, উন্নয়ন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰিম যাব বুলিও উল্লেখ কৰে।













