ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

News Desk by News Desk
May 25, 2026
Reading Time: 1 min read
A A
0
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

‘লিভ-ইন’ বা একত্ৰবাসৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰাৰ দিশত আগবাঢ়িছে অসম চৰকাৰ। সোমবাৰে অসম বিধানসভাত (Assam Legislative Assembly) উত্থাপন কৰা হয় অভিন্ন দেৱানী বিধা বা ইউনিফৰ্ম চিভিল কোড বিধেয়ক (Uniform Civil Code Bill)। ইয়াত উল্লেখ কৰা নিয়মসমূহৰ ভিতৰত একত্ৰবাসৰ সৈতে জড়িত নিয়মসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ অধীনত একত্ৰবাসত থকা দম্পতীয়ে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ উপৰি বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় বিভিন্ন বিষয়ো অসম ইউচিচিত উল্লেখ আছে। অৱশ্যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ৰাইজৰ দলসহ বিৰোধী দলসমূহে এই বিধেয়ক উত্থাপনৰ বিৰোধিতা কৰে। বিধেয়কখন উত্থাপনৰ পূৰ্বে সকলো পক্ষৰ সৈতে বিতং আলোচনাৰ দাবী জনায়।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ অসম গণ পৰিষদৰ সভাপতি তথা বিধায়ক অতুল বৰাই বিধানসভাত উত্থাপন কৰে এই বিধেয়কখন। এই বিধেয়কখনৰ এটা উদ্দেশ্য হৈছে বহুবিবাহ নিষিদ্ধ কৰা আৰু একত্ৰবাসৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰা। বিধেয়কখনৰ উদ্দেশ্য আৰু কাৰণ সন্দৰ্ভত এক বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ লক্ষ্য হৈছে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু একত্ৰবাসৰ সৈতে জড়িত নিয়মসমূহ অধিক সুদৃঢ় আৰু সৰল কৰা। এই বিধেয়কখনত বহুবিবাহতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰি পুৰুষৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰ আৰু মহিলাৰ বাবে ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছে।

assam 2 | ASSAM TIMES POST
অসম বিধানসভাত UCC বিধেয়ক

মুখ্যমন্ত্ৰীয়ে কয়, “এই বিধেয়কখনে অসমত প্ৰথমবাৰৰ বাবে সহবাসৰ সম্পৰ্কক আইনী গাঁথনিৰ অধীনলৈ আনিছে। সম্পৰ্কক পঞ্জীয়নৰ বাবে বাধ্যতামূলক কৰি এই আইনখনে একত্ৰবাসৰ সংগীৰ অধিকাৰ সুৰক্ষিত কৰিব। একে সময়তে এনে সম্পৰ্কৰ পৰা জন্ম লোৱা যিকোনো শিশুৰ অধিকাৰকো স্বীকৃতি আৰু সুৰক্ষা প্ৰদান কৰিব।” অৱশ্যে এই একেধৰণৰ নাগৰিক সংহিতা অসমত বসবাস কৰা অনুসূচিত জনজাতিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখ্য যে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনজাতীয় লোকৰ ক্ষেত্ৰত ইউনিফৰ্ম চিভিল কোড প্ৰযোজ্য নহ’ব বুলিও কয়। এই সংহিতাই আদিবাসীসকলৰ জীৱনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি তেওঁ আশ্বাস দিয়ে। একে সময়তে এই বিষয়ত ‘ষড়যন্ত্ৰমূলকভাৱে ভুল তথ্য প্ৰচাৰ কৰা হৈছে’ বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “এতিয়া এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে। কোৱা হৈছে যে ইউনিফৰ্ম চিভিল কোডে আদিবাসীৰ সংস্কৃতি, পৰম্পৰা আৰু নিজৰ ৰীতি-নীতি পালন কৰাৰ অধিকাৰ কাঢ়ি নিব। মই স্পষ্টকৈ ক’ব বিচাৰোঁ যে ইউনিফৰ্ম চিভিল কোডৰ কোনো নিয়ম জনজাতিৰ ওপৰত জাপি দিয়া নহ’ব।”

উল্লেখ্য যে বিজেপিশাসিত উত্তৰাখণ্ডত প্ৰথমবাৰৰ বাবে যোৱা বছৰৰ জানুৱাৰী মাহত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পিছত এই সন্দৰ্ভত বিধেয়কখন যোৱা মাৰ্চ মাহত গুজৰাটত গৃহীত হৈছিল। এইবাৰ অসমতো উত্থাপন হয় ইউনিফৰ্ম চিভিল কোড বিধেয়ক।

Tags: AssamUCCbill
Share4Tweet3Send

Related Posts

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

by News Desk
April 30, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx