
বিহাৰত স্বামীৰ সন্মুখত এগৰাকী নৃত্যশিল্পীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ উত্থাপন হৈছে। বুধবাৰে পাটনাৰ সমীপত সংঘটিত হয় এই ঘটনা। সংবাদ সংস্থা পিটিআইৰ মতে, এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বামীৰ সৈতে উভতি আহিছিল তেওঁ।

কিন্তু পথ চিনিব নোৱাৰি তেওঁলোকে তিনিজন যুৱকক ষ্টেচনলৈ যোৱা মূল পথটো কোনফালে সোধে। অভিযোগ অনুসৰি, তাৰ পিছত যুৱক তিনিজনে বাট দেখুৱাই দিয়াৰ অজুহাতত মটৰচাইকেলত উঠাই লৈ যায়। তাৰ পিছত তেওঁক কোনোবা নিৰ্জন ঠাইলৈ লৈ যায়।
অভিযোগ অনুসৰি, নৃত্যশিল্পীগৰাকীৰ স্বামীক তালৈ লৈ গৈ প্ৰহাৰ কৰে। কেৱল সেয়াই নহয়, তেওঁৰ সন্মুখতে পত্নীক তিনিওজনে ধৰ্ষণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্বাহপুৰ ডেৰা গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা। দানাপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ভানু প্ৰতাপ সিঙে কয়, “নৃত্যশিল্পীগৰাকী আৰু তেওঁৰ স্বামীয়ে দিঘোৱাৰা ৰে’ল ষ্টেচনলৈ যোৱাৰ কথা আছিল। ৰাস্তাটো চিনিব পৰা নাছিল।
তাৰ পাছত ৰাস্তাত তিনিজন যুৱকক সোধে। তিনিওজনে মটৰচাইকেলত উঠাই লৈ গৈ স্বামীৰ সন্মুখতে নৃত্যশিল্পীগৰাকীক ধৰ্ষণ কৰে। ইয়াৰ পিছত অভিযুক্তই পলায়ন কৰে। ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। দুই অভিযুক্তক গ্ৰেপ্তাৰো কৰা হৈছে। তৃতীয়জন ব্যক্তিৰ সন্ধান অব্যাহত আছে।












