
কৰ্ণাটকৰ শিৱমোগ্গাত এগৰাকী মহিলাক (Karnataka Lady) ‘ভূত’ খেদাৰ অজুহাতত প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। মৃতকৰ নাম গীতাম্মা। এই ঘটনাত মহিলাগৰাকীৰ পুত্ৰ সঞ্জয়, আশা নামৰ এগৰাকী কবিৰাজ আৰু তেওঁৰ স্বামী সন্তোষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সঞ্জয়ে মাতৃৰ আচৰণত অস্বাভাৱিক কিবা এটা লক্ষ্য কৰিছিল। এই কথা দেখি তেওঁৰ বিশ্বাস হয় যে তেওঁৰ মাতৃৰ শৰীৰত কিবা ভূতে বাহ লৈছে। ইয়াৰ পিছত সঞ্জয়ে আশা কবিৰাজৰ সৈতে যোগাযোগ কৰে।
তেওঁ গীতাম্মাক টেংক ডেৰালৈ নিবলৈ পৰামৰ্শ দিয়ে। কবিৰাজৰ পৰামৰ্শ অনুসৰণ কৰি গীতাম্মাক নিজৰ পুত্ৰই তালৈ লৈ যায়। আৰক্ষীয়ে জনোৱা মতে, প্ৰথম অৱস্থাত গীতাম্মাক দেখাৰ পিছত কবিৰাজে ভূতে তেওঁক ধৰা বুলি দাবী কৰি ভূতে তেওঁৰ শৰীৰটো নিয়ন্ত্ৰণ কৰি লোৱা বুলি কয়। ইয়াৰ পিছত আৰম্ভ হয় ভূত খেদাৰ প্ৰক্ৰিয়া। কবিৰাজে প্ৰথমে দুটা নেমু আনি নেমুকেইটা গীতাম্মাৰ মূৰত দিয়ে।
ইয়াৰ পিছত নেমু দুটা আধা কাটি গীতাম্মাৰ মূৰত লগায়। অৰ্ধচেতন অৱস্থাত থকা গীতাম্মাক ইটোৰ পিছত সিটোকৈ চৰ মাৰে। গীতাম্মাই চিঞৰিবলৈ ধৰে। কিন্তু কবিৰাজে তেওঁৰ চুলিত ধৰি টানি লৈ যায়। ইয়াৰ পিছতে আৰম্ভ হ’ল মাৰপিট। সোমবাৰে নিশা ৯.৩০ বজাৰ পৰা পুৱা ১ বজালৈ গীতাম্মাক লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
চাৰি ঘণ্টা ধৰি বৃদ্ধাগৰাকীক প্ৰহাৰ কৰাৰ পিছত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত আশা, স্বামী সন্তোষ আৰু গীতাম্মাৰ পুত্ৰ সঞ্জয়য়ে গীতাম্মাৰ মৃতদেহ এৰি পলায়ন কৰে। স্থানীয় ৰাইজে আৰক্ষীক ঘটনাৰ বিষয়ে খবৰ দিয়ে। ইয়াৰ পিছতে তালাচী চলোৱা হয় আৰু হত্যাৰ অভিযোগত তিনিওজন লোকক গ্ৰেপ্তাৰ কৰা হয়।













