
পাক অধিকৃত গিলগিট-বাল্টিস্তানৰ কাৰাকোৰাম পৰ্বতমালা পশ্চিমে দেখা যায়। ইয়াৰ ওচৰতে ভাৰত আৰু চীনৰ (India road in ladakh) মাজত থকা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা। ইয়াৰ মাজতে সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ বিমানঘাটি দৌলাত বেগ অল্ডি (‘ডি বি অ’’ নামেৰে জনাজাত) আছে।

এইবাৰ নতুন দিল্লীয়ে সেনাৰ দ্ৰুত মোতায়েনৰ উদ্দেশ্যে তালৈ যাবলৈ বিকল্প পথ নিৰ্মাণ কৰিছে। চীনৰ সৈতে হোৱা সংঘাতৰ মাজতে ২০২০ চনৰ জুন মাহত সীমান্ত পথ সংস্থাই দৌলাত বেগ অল্ডি পোৱাৰ বাবে বিকল্প পথ নিৰ্মাণ আৰম্ভ কৰে।
এই নতুন পথটোৱে লাডাখৰ ৰাজধানী লেহৰ পৰা দৌলাত বেগ অল্ডিলৈ ৭৯ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব। যাত্ৰাৰ সময় দুদিনৰ পৰা হ্ৰাস কৰি মাত্ৰ ১১-১২ ঘণ্টা হ’ব। বৰ্তমান দৰবুক-শ্বিয়ক-ডবো পথটোৱে বহু ঠাইত এল এ চি স্পৰ্শ কৰিছে। ফলত সেনাই ইয়াক বিপজ্জনক বুলি গণ্য কৰে।
নতুন পথটোৱে চীনৰ চোৰাংচোৱাগিৰি বা আকস্মিক আক্ৰমণৰ কোনো আশংকা সৃষ্টি নকৰে। সামৰিক সূত্ৰ অনুসৰি, অহা বছৰৰ পৰা নতুন পথটো কাৰ্যক্ষম হ’ব।
লেহ-ছাছ’মা-ছাছাৰ লা-ছাছাৰ ব্ৰাংছা-গাপছান-ডিবিঅ’ৰ ১৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন পথটোও গধুৰ সামৰিক সঁজুলি পৰিবহণৰ বাবে উপযোগী হ’ব।
উল্লেখ্য যে ভাৰত-চীন যুদ্ধৰ সময়ত ১৯৬২ চনত নিৰ্মাণ কৰা হৈছিল ডি বি অ’ বিমানবন্দৰ। চাৰি দশক ধৰি অব্যৱহৃত হৈ থকাৰ পিছত ২০০৮ চনত বৃহৎ সংস্কাৰৰ অন্তত বিমানঘাটিটো পুনৰ মুকলি কৰা হয়। ২০২০ চনত গালৱান সংঘৰ্ষৰ সময়ত এল এ চিলৈ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ দ্ৰুতগতিত প্ৰেৰণ কৰাত ডি বি অ’ৱে ফলপ্ৰসূ ভূমিকা পালন কৰিছিল।
এই বিমানপথটো চীনৰ বাবে সদায় মূৰৰ বিষ হৈ আহিছে। যুদ্ধ আৰম্ভ হ’লে ভাৰতে এই বিমানপথেৰে চীন-পাকিস্তান ইকন’মিক কৰিড’ৰক (CPEC) সহজেই আক্ৰমণ কৰিব পাৰে বুলি বেইজিঙে আশংকা কৰিছে।













