প্ৰেমৰ এই নিৰ্দ্দিষ্ট সপ্তাহটোৰ মাজতেই এক অজান অনুভূতিয়ে জোঁকাৰি গ’ল সমগ্ৰ দৰ্শকক। জনপ্ৰিয় কন্ঠশিল্পী তৰালি শৰ্মাৰ বহু প্ৰত্যাশিত অনুষ্ঠান “Let’s Talk About Love” য়ে ইতিমধ্যে লাভ কৰিছে মুক্তি। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডৰ মাজত থকা “প্ৰেম” ৰ বাখ্যা নকৰি উক্ত অনুষ্ঠানটোৰ দ্বাৰা তৰালি শৰ্মাই দাঙি ধৰিলে প্ৰেমৰ এক নতুন সংজ্ঞা। ৬ মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ’টোত তেওঁ দৰ্শকক কিছু সময়ৰ ব্যস্ততা পাহৰি শিকালে “মৰম-ভালপোৱা অথবা প্ৰেম” প্ৰকৃতাৰ্থত কি??
https://youtu.be/cGCtlykUj68

সন্ধিয়া ৭.৩০ বজাত তৰালি শৰ্মাৰ ইউটিউব চেনেল যোগে প্ৰচাৰ লাভ কৰা এই অনুষ্ঠানটিৰ মুক্তিক লৈ দীৰ্ঘদিনৰ পৰাই অপেক্ষা কৰিছিল তেওঁৰ অনুৰাগী সকলে। সংগীতৰ সমান্তৰালকৈ কন্ঠশিল্পী গৰাকীৰ এই অনুষ্ঠানটিও যে শ্ৰোতাৰ হৃদয়ত এক বিশেষ স্থান গ্ৰহণ কৰিব সেয়া প্ৰায় নিশ্চিত। ফাগুন মাহৰ আৰম্ভণি নৌহওঁতেই তৰালি শৰ্মাৰ প্ৰেম প্ৰেম লগা পঁচোৱাই শ্ৰোতাক আকৰ্ষিত কৰি তুলিছে।













