ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
December 23, 2025
Reading Time: 1 min read
A A
0
Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

দ্বিতীয়াদিনাও উত্তপ্ত হৈ আছে কাৰ্বিভূমি । কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতিয়ে দ্বিতীয় দিনতো ভয়ংকৰ ৰূপ লয় । মন্ত্ৰী ৰণোজ পেগুৰ মধ্যস্থতাত প্ৰতিবাদকাৰীসকলে নিজৰ অনশন প্ৰত্যাহাৰ কৰিলেও কাৰ্বি ৰাইজৰ ক্ষোভ কমা নাই। যাৰ বাবে সোমবাৰে চি ই এম তুলিৰাম ৰংহাঙৰ ঘটনাত অগ্নিসংযোগৰ ঘটনাৰ পিছত মঙলবাৰেও সংঘটিত হয় কেইবাটাও বিক্ষিপ্ত ঘটনা।

এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা
এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

বাহনত অগ্নিসংযোগৰ পৰা আৰক্ষীৰ ওপৰত আক্ৰমণলৈকে উত্তাল হৈ আছে কাৰ্বি আংলঙৰ পৰিস্থিতি। পৰিস্থিতি যাতে অধিক অৱনতি হোৱাটো ৰোধ কৰিব পৰা যায় তাৰ বাবে মঙলবাৰে সন্ধিয়া জিলাখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। পৰিস্থিতি উন্নত নোহোৱালৈকে জিলাখনত ব্যাহত থাকিব ইণ্টাৰনেট সেৱা। জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে।

আনহাতে, এই উত্তাল পৰিস্থিতিৰ মাজতে কাৰ্বি আংলঙৰ ৰাইজৰ সৈতে বিজেপি সাংসদ-বিধায়কসকলৰ উপস্থিতিত মঙলবাৰে ডংকামোকত এক শান্তিসভা অনুষ্ঠিত হয়। এই শান্তিসভাত জিলাখনত শান্তি পুনৰ প্ৰতিষ্ঠাৰ ওপৰত আলোচনা কৰা হয়। শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত শান্তিসভাত বিজেপিৰ সাংসদ-বিধায়কসকলৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলেও অংশগ্ৰহণ কৰি ৰাইজলৈ শান্তি-শৃংখলা অটুট ৰখাৰ আহ্বান জনায়।

কাৰ্বি আংলঙৰ বিথু ৰেংথামা পৰিষদীয় সমষ্টিৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত শান্তিসভাত উপস্থিত থাকি সাংসদ অমৰছিং তিছ’ৱে সোমবাৰৰ ঘটনাক গৰিহণা দিয়ে। তেওঁ লগতে কয় যে কাৰ্বি আংলঙৰ ইতিহাসত নোহোৱা ঘটনা ঘটিছে। পি জি আৰ-ভি জি আৰ ভূমিত উচ্ছেদ আইন মতে হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে বিষয়টো যিহেতু ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে সেয়ে কাৰো হেঁচাত ইয়াৰ সমাধান নহয়। কেৱল সংবিধান মতেহে এই সমস্যা সমাধান হ’ব বুলি তেওঁ উল্লেখ কৰে।

লগতে সোমবাৰৰ ঘটনা যাৰ নিৰ্দেশত সংঘটিত হৈছে তেওঁলোকৰ বিৰুদ্ধে অইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ কথাও উল্লেখ কৰে।
আনহাতে, এই শান্তিসভাৰ মাজতো পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তেজনা অব্যাহত আছে।

মঙলবাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰে। এই ঘটনাত কেইবাগৰাকীও আৰক্ষী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ভিতৰত মহিলা আৰক্ষীও আছে। ইফালে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰথমে কন্দুৱা গেছ নিক্ষেপ কৰি ব্যৰ্থ হোৱাত শূন্যলৈ গুলীচালনা কৰিবলগা হয়। গুলীচালনাৰ ফলত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হোৱা বুলিও জানিব পৰা গৈছে।

তেনে পৰিস্থিতিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমিত সিঙে নিজে পৰিস্থিতি নিয়ন্ত্ৰণত নামি পৰিবলগীয়া হয়। ইয়াৰ মাজতে কেইবাগৰাকী সাংবাদিকো আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

Tags: আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱাএফালে শান্তিসভা
Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region
BREAKING NEWS

West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region

by ASSAM TIMES POST
December 23, 2025
50
Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
BREAKING NEWS

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

by ASSAM TIMES POST
December 22, 2025
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx