ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

নিউজ ডেস্কঃ

News Desk by News Desk
March 9, 2026
Reading Time: 2 mins read
A A
0
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

দেওবাৰৰ দিনটো আছিল অভিলেখ ভংগকাৰী দিন। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতে (India) টি-২০ বিশ্বকাপত জয়লাভ (Victory in T-20 World Cup) কৰে। ভাৰতীয় দলটোৱে এই জয়ৰ পথত ১৯টা অভিলেখ (19 records) গঢ়ে। সঞ্জু ছেমছন, ঈশান কিষাণ, অভিষেক শৰ্মাই ব্যক্তিগত অভিলেখ গঢ়ি তোলাৰ লগতে ভাৰতে দল হিচাপেও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই ১৯টা অভিলেখ কি চাওঁ আহক।

তৃতীয় বিশ্বকাপ জয়

২০০৭, ২০২৪ চনৰ পিছত এইবাৰ ২০২৬ চনতো ভাৰতে টি-২০ বিশ্বকাপ জয় কৰিলে। প্ৰথমবাৰ কোনো দলে তিনিবাৰকৈ বিশ্বকাপ জয় কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজে দুবাৰকৈ এই ট্ৰফী লাভ কৰিছে।

sanj2 | ASSAM TIMES POST

একেৰাহে দুটা বিশ্বকাপ

এই বিশ্বকাপত একেৰাহে দুবাৰকৈ জয়ী হোৱা প্ৰথমটো দল ভাৰত। এই কৃতিত্ব বিশ্বৰ আন কোনো দেশৰ নাই।

ঘৰুৱা খেলপথাৰত প্ৰথম বিশ্বকাপ জয়

ইয়াৰ পূৰ্বে কোনো দলে ঘৰুৱা মাটিত টি-২০ ক্ৰিকেটত বিশ্বকাপ জয়ী হোৱা নাই। সেই অভিলেখ গঢ়ি তোলা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।

বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ৰান

টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে সৰ্বাধিক ৰান সংগ্ৰহ কৰে (৫ উইকেটত ২৫৫ ৰান)। ইয়াৰ পূৰ্বে কোনো দলে টি-২০ বিশ্বকাপৰ ফাইনেলত ২০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা নাছিল।

আটাইতকৈ ডাঙৰ জয়

টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কোনো দলে টি-২০ বিশ্বকাপৰ ফাইনেলত ইমান বৃহৎ ৰানত জয়ী হোৱা নাছিল।

sanj1 | ASSAM TIMES POST

একেখন বিশ্বকাপত তিনিবাৰকৈ ২৫০+ ৰান

এই বিশ্বকাপত ভাৰতে তিনিবাৰকৈ ২৫০+ ৰান সংগ্ৰহ কৰে। জিম্বাব’ৱেৰ বিৰুদ্ধে ২৫৬, ইংলেণ্ডৰ বিৰুদ্ধে ২৫৩ আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে ২৫৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে কোনো দলে বিশ্বকাপত তিনিবাৰকৈ ২৫০+ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা নাছিল।

বিশ্বকাপৰ ফাইনেলত বুমৰাহৰ দৃষ্টান্ত

নিউজীলেণ্ডৰ বিৰুদ্ধে বুমৰাহে ১৫ ৰানত ৪ উইকেট দখল কৰে। টি-২০ বিশ্বকাপৰ ফাইনেলত এয়া দ্বিতীয় শ্ৰেষ্ঠ বলিং। ২০১২ চনৰ ফাইনেলত শ্ৰীলংকাৰ অজন্তা মেণ্ডিছে ১২ ৰানত ৪ উইকেট দখল কৰিছিল। সেইটোৱেই অভিলেখ।

বিশ্বকাপৰ ফাইনেলত আটাইতকৈ দ্ৰুত অৰ্ধশতক

দেওবাৰে অভিষেক শৰ্মাই মাত্ৰ ১৮টা বলত ৫০ ৰান সংগ্ৰহ কৰে। তেওঁ বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰে। এই অভিলেখ পূৰ্বে হেনৰিখ ক্লাচেনৰ হাতত আছিল। দক্ষিণ আফ্ৰিকাৰ বেটছমেনগৰাকীয়ে ২০২৪ চনৰ ফাইনেলত ২৩টা বলত ৫০ ৰান সংগ্ৰহ কৰিছিল।

বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ

নিউজীলেণ্ডৰ বিৰুদ্ধে সঞ্জু ছেমছনে ৮৯ ৰান সংগ্ৰহ কৰে। বিশ্বকাপৰ ফাইনেলত যিকোনো বেটছমেনৰ এইটোৱেই সৰ্বাধিক স্ক’ৰ। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ফাইনেলত ৱেষ্ট ইণ্ডিজৰ মাৰ্লন ছেমুৱেলছে ৮৫ ৰান সংগ্ৰহ কৰিছিল।

বিশ্বকাপত সৰ্বাধিক ছয়

এই বিশ্বকাপত সঞ্জুৱে ২৪টা ছয় কোবায়। এয়া বিশ্বকাপৰ অভিলেখ। তেওঁ ফিন এলেনৰ ২০টা ছয়ৰ অভিলেখ ভংগ কৰে।

টপ অৰ্ডাৰৰ অভিলেখ

দেওবাৰে ভাৰতৰ শীৰ্ষ ক্ৰমৰ তিনিওজন বেটছমেনে নিউজীলেণ্ডৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰে। টি-২০ বিশ্বকাপৰ ইতিহাসত এটা দলৰ প্ৰথম তিনিজন বেটছমেনে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

san | ASSAM TIMES POST

সৰ্বোচ্চ অপেনিং পাৰ্টনাৰশ্বিপ

ফাইনেলত অভিষেক আৰু সঞ্জুৱে ৯৮ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। টি-২০ বিশ্বকাপৰ ফাইনেলত এইটোৱেই হৈছে সৰ্বোচ্চ অপেনিং যুটি। ২০০৯ চনত পাকিস্তানৰ কামৰাণ আকমল আৰু শ্বাহজাইব হাছানে অপেনিং যুটিত ৪৮ ৰান সংগ্ৰহ কৰিছিল। সেইটোৱেই আছিল এতিয়ালৈকে সৰ্বোচ্চ অপেনিং যুটি।

পাৱাৰ প্লেত সৰ্বোচ্চ ৰান

কেৱল ফাইনেলতে নহয়, বিশ্বকাপৰ পাৱাৰ প্লে’ত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে ভাৰতে। নিউজীলেণ্ডৰ বিৰুদ্ধে ৬ অভাৰত ৯২ ৰান সংগ্ৰহ কৰে। ২০২৪ চনত আফগানিস্তানৰ বিৰুদ্ধে পাৱাৰ প্লে’ত ৱেষ্ট ইণ্ডিজেও ৯২ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ১ উইকেট হেৰুৱাইছিল। ভাৰতে উইকেট অবিহনে এই ৰাণ সংগ্ৰহ কৰে।

সঞ্জু-ঈশানৰ উদাহৰণ

দেওবাৰে সঞ্জু আৰু ঈশানে প্ৰথম উইকেটত ১০৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে, যিটো বিশ্বকাপৰ ফাইনেলত দ্বিতীয় সৰ্বাধিক। এই অভিলেখ হৈছে ২০১০ চনৰ ফাইনেলত ইংলেণ্ডৰ ক্ৰেগ কিছৱেটাৰ আৰু কেভিন পিটাৰছনৰ মাজত ১১১ ৰানৰ যুটি।

পাৱাৰ প্লে’ ডেবিউ ৰেকৰ্ড

টি-২০ত পাৱাৰ প্লে’ত চাৰিটা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন অভিষেক। এই অভিলেখ আন কাৰো নাই।

৮০ ৰানৰো অধিক হেট্ৰিক

বিশ্বকাপৰ অন্তিম তিনিখন খেলত শতক অৰ্জন কৰিব নোৱাৰিলে সঞ্জুৱে। সেই সুযোগ হেৰুৱালেও সঞ্জুৱে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। যোৱা তিনিখন মেচত তেওঁ ক্ৰমে ৯৭, ৮৯ আৰু ৮৯ ৰান অপৰাজিত ৰান সংগ্ৰহ কৰে। বিশ্বকাপত একেৰাহে তিনিখন মেচত ৮০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ। এই অভিলেখ ২০১০ চনত শ্ৰীলংকাৰ মাহেলা জয়াৱৰ্ধনে স্থাপন কৰিছিল।

বিশ্বকাপত এজন ভাৰতীয়ৰ সৰ্বাধিক ৰান

চলিত বিশ্বকাপত সঞ্জুৱে ৩২১ ৰান সংগ্ৰহ কৰিছে। টি-২০ বিশ্বকাপত ভাৰতীয় বেটছমেনৰ এয়া সৰ্বাধিক ৰান। ইয়াৰ পূৰ্বে ২০১৪ চনৰ বিশ্বকাপত বিৰাট কোহলীয়ে ১৪৯ ৰান সংগ্ৰহ কৰিছিল। তেওঁতকৈ ১৭৮ ৰান বেছিকৈ অৰ্জন কৰিছে সঞ্জুৱে।

gam | ASSAM TIMES POST

বিশ্বকাপত সৰ্বাধিক দলীয় ছয়

এই বিশ্বকাপত ভাৰতে ১০৬টা ছয় কোবাইছে। ইয়াৰ পূৰ্বে কোনো দলে বিশ্বকাপত ১০০ বা তাতকৈ অধিক ছয় কোবোৱা নাই। ভাৰতে ইয়াত এক অভিলেখ গঢ়ে।

গম্ভীৰৰ অভিলেখ

গৌতম গম্ভীৰ ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক হিচাপে টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমজন ব্যক্তি। ২০০৭ চনত ক্ৰিকেটাৰ হিচাপে টি-২০ বিশ্বকাপ জয় কৰিছিল। এইবাৰ প্ৰশিক্ষক হিচাপে তেওঁ সেই কৃতিত্ব অৰ্জন কৰিলে।

Tags: T-20recordT-20WorldCup
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
IPL : আইপিএলৰ বাবে প্ৰস্তুতি আৰম্ভ : ৬ মাৰি পাইপ ফালিলে সূৰ্যবংশীয়ে
Sports News

IPL : আইপিএলৰ বাবে প্ৰস্তুতি আৰম্ভ : ৬ মাৰি পাইপ ফালিলে সূৰ্যবংশীয়ে

by News Desk
February 21, 2026
50
ADVERTISEMENT
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
50
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
National-International

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
50
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা
National-International

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026
50
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx