
বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেট বৈঠক (Central Cabinet)। ইয়াত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আলোচনাৰ বিষয় হ’ব বিভাগসমূহৰ কাৰ্য পৰ্যালোচনা, নীতিগত সিদ্ধান্ত আৰু ভৱিষ্যতৰ পৰিকল্পনা।

ইয়াৰ উপৰি পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে ভাৰত আৰু অসামৰিক সেৱাৰ ওপৰতো বিভিন্ন ধৰণৰ অৰ্থনৈতিক আৰু অন্যান্য প্ৰভাৱ পেলাব পাৰে। তাৰ ওপৰতো আলোচনা হ’ব । উল্লেখ্য যে পুডুচেৰীত এনডিএ চৰকাৰ গঠন আৰু পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সফলতা শেহতীয়াকৈ চৰ্চালৈ আহিছে। গতিকে এই তিনিখন ৰাজ্যৰ সৈতে জড়িত বিষয়েও আলোচনাত স্থান পাব।
বৃহস্পতিবাৰৰ বৈঠকত প্ৰধানমন্ত্ৰী আৰু কেবিনেট সদস্যৰ উপৰি স্বতন্ত্ৰ দায়িত্বত থকাসকলকে ধৰি সকলো ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকিব। চৰকাৰী প্ৰকল্পৰ বিভিন্ন দিশ আৰু ৰূপায়ণৰ বিষয়েও আলোচনা হ’ব পাৰে। আলোচনাৰ বিষয় হ’ব পাৰে বিভিন্ন বিভাগৰ আবণ্টন আৰু ইয়াৰ সংস্কাৰ।
বৈঠকত প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিত কি কৰিব লাগে সেই বিষয়ে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক নিৰ্দেশ দিব পাৰে। শক্তি, কৃষি, লজিষ্টিক আৰু বিমান-সাগৰীয় পৰিবহণৰ ক্ষেত্ৰত অতিৰিক্ত গুৰুত্ব দিয়া হ’ব পাৰে। উল্লেখ্য যে ২০২৬ চনত কেন্দ্রীয় কেবিনেটৰ এইখন প্রথম বৈঠক৷











