
বাঢ়িছে সোণৰ দাম। মধ্যবিত্ত শ্ৰেণীয়ে ঢুকি নোপোৱা অৱস্থাত উপনীত হৈছে৷ আনহাতে ফিফা বিশ্বকাপ ট্ৰফীটোত ৬,১৭৫ গ্ৰাম ১৮ কেৰেট সোণ আছে। ১৯৭০ চনত প্ৰস্তুত কৰা এই ট্ৰফীটোৰ বজাৰ মূল্য এতিয়া কিমান?

ফুটবল অনুৰাগীসকলৰ এটা অংশৰ মাজতো ট্ৰফীটোৰ মূল্যক লৈ আগ্ৰহৰ সৃষ্টি হৈছে। ফুটবল বিশ্বকাপ ট্ৰফীৰ মুঠ ওজন ৬.১ কিলোগ্ৰাম। ইয়াৰ উচ্চতা ৩৭ চেণ্টিমিটাৰ আৰু ব্যাস ১৩ চেণ্টিমিটাৰ। ট্ৰফীটো প্ৰস্তুত কৰিবলৈ মুঠ ৬,১৭৫ গ্ৰাম সোণ ব্যৱহাৰ কৰা হৈছিল। ট্ৰফীৰ ভিতৰখন অৱশ্যে ফোঁপোলা।
ট্ৰফীটোৰ তলত মেলাচাইটৰ দুটা বৃত্ত আছে। মালাচাইট এবিধ মূল্যৱান খনিজ পদাৰ্থ। কেৱল সোণ আৰু অন্যান্য সামগ্ৰীৰে বিশ্বকাপ ট্ৰফীৰ বৰ্তমানৰ বজাৰ মূল্য হৈছে ২,৫০,০০০ ডলাৰ। ভাৰতত ইয়াৰ মূল্য প্ৰায় ২.৩৭ কোটি টকা।
ট্ৰফীৰ ডিজাইন, নিৰ্মাণ ব্যয় আৰু গুৰুত্ব বিবেচনা কৰি, ইয়াৰ ব্যয় কেইবাগুণো অধিক হ’ব। ১৯৭০ চনত ব্ৰাজিল তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় আৰু আনুষ্ঠানিকভাৱে জুল ৰিম কাপ প্ৰদান কৰা হয়। তাৰ পিছত, বৰ্তমানৰ ট্ৰফীটো ফিফাই সৃষ্টি কৰিছিল।
এই ট্ৰফীটো আনুষ্ঠানিক ধৰণে দিয়া নহয়। ট্ৰফীটো ইটালীৰ শিল্পী চিলভিঅ’ গাজানিগাই ডিজাইন কৰিছিল। ফিফাই এখন প্ৰতিযোগিতা আয়োজন কৰি এই ডিজাইনটো বাছনি কৰিছিল। বিশ্বকাপৰ ডিজাইনো বৰ আকৰ্ষণীয়।










