
কাশ্মীৰৰ বিষয় (Kashmir Issue)টো ৰাষ্ট্ৰসংঘত উত্থাপন (Raised at United Nations) কৰা পাকিস্তানক প্ৰত্যুত্তৰ দিছে ভাৰতে। শুকুৰবাৰে সাধাৰণ পৰিষদত পাকিস্তানে “এটা অৰ্থহীন বিষয় উত্থাপন” কৰাৰ প্ৰতিক্ৰিয়াত ভাৰতৰ (Reaction of India) স্থায়ী প্ৰতিনিধি পি হৰিশে কয় যে ইছলামাবাদে ভুৱা আৰু পক্ষপাতদুষ্ট অপপ্ৰচাৰৰ পৰা বিৰত থকা উচিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হৰিশে কয়, “জম্মু-কাশ্মীৰৰ সৈতে জড়িত সকলো বিষয় সম্পূৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ বিষয়। কেন্দ্ৰীয়শাসিত অঞ্চলটো ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে আৰু থাকিব। কাশ্মীৰ বিষয়ত ইয়াৰ বিপৰীত যুক্তিসমূহ অসত্য, ঐতিহাসিক তথ্যৰ সৈতে অসঙ্গতিপূৰ্ণ আৰু বাস্তৱৰ পৰা বিচ্যুত। পাকিস্তানৰ শূন্য বাক্যবাণ আৰু ভিত্তিহীন দাবীয়ে এই মৌলিক সত্য সলনি কৰিব নোৱাৰে।”

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছিম ইফতিকাৰ আহমেদে সাধাৰণ পৰিষদত কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাই তেওঁ কয়, ‘ৰাষ্ট্ৰসংঘৰ দৰে প্ৰতিষ্ঠিত মঞ্চ এখনক ৰাজনৈতিক লাভালাভৰ বাবে পাকিস্তানে অপব্যৱহাৰ কৰি আছে।” পাকিস্তান অধিকৃত কাশ্মীৰৰ গিলগিট-বাল্টিস্তান অঞ্চলত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰাদেশিক বিধানসভা নিৰ্বাচনৰো বিৰোধিতা কৰে হৰিশে। তেওঁৰ মন্তব্য, “পাকিস্তানে সেই অঞ্চলটো অবৈধভাৱে দখল কৰিছে, যিটো ভাৰতৰ ভূখণ্ডৰ অংশ। তাত গুৰুতৰ মানৱ অধিকাৰ উলংঘা, ৰাজনৈতিক দমন, অৰ্থনৈতিক শোষণ অবিৰতভাৱে চলি আছে।”
উল্লেখযোগ্য যে ব্ৰিটিছ যুগত কাৰাকোৰাম পৰ্বতমালাৰে আগুৰি থকা গিলগিট-বাল্টিস্তান জম্মু-কাশ্মীৰৰ ‘ৰাজকুমাৰশাসিত ৰাজ্য’ৰ অংশ আছিল। পাকিস্তানে জম্মুক নিজৰ অধীনলৈ আনে আৰু কাশ্মীৰ উপত্যকাৰ কিছু অংশৰ লগতে সেই অঞ্চলটোও দখল কৰে। কিন্তু গিলগিট-বাল্টিস্তানক পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদৰ নিয়ন্ত্ৰণলৈ অনাৰ পৰিৱৰ্তে ইয়াক ‘ফেডাৰেল প্ৰশাসনিক উত্তৰ এলেকা’ বুলি নামকৰণ কৰি প্ৰত্যক্ষ কেন্দ্ৰীয় নিয়ন্ত্ৰণলৈ অনা হয়। নতুন নামটোৰ পিছত ২০০৯ চনত কেন্দ্ৰীয় নিয়ন্ত্ৰণত গিলগিট-বাল্টিস্তানত প্ৰথমবাৰৰ বাবে স্থানীয় চৰকাৰৰ নিৰ্বাচন অনুষ্ঠিত হয়।সেই সময়তো নতুন দিল্লীয়ে ইছলামাবাদৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছিল। ২০২০ চনত ইছলামাবাদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ আপত্তি বাতিল কৰি সংবিধান সংশোধন কৰি প্ৰথম নিৰ্বাচন অনুষ্ঠিত কৰি গিলগীত-বাল্টিস্তানত প্ৰাদেশিক বিধানসভা গঠন কৰে।











