
গঁড় চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে নিতৌ প্ৰচেষ্টা চলাই আহিছে৷ উল্লেখ্য যে গোপন তথ্যৰ ভিত্তিত আগৰাতলী ৰেঞ্জ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বন আৰু গোলাঘাট আৰক্ষীৰ ডিএফঅ’, ইএডব্লিউএল ডিভিজন, কেএনপি আৰু গোলাঘাটৰ অতিৰিক্ত এছপি (অপৰাধ)ৰ নেতৃত্বত বোকাখাতৰ চিডিএছপি, ৰেঞ্জ বিষয়া আৰু কৰ্মচাৰীৰ সৈতে যুটীয়া গঁড় চিকাৰ-বিৰোধী অভিযান চলোৱা হয়।

এই অভিযানত দুটা হস্তনিৰ্মিত ৰাইফল আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰে। ইয়াৰ লগতে দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে চোৰাং চিকাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত প্ৰৱেশ কৰিবলৈ চোৰাং চিকাৰীয়ে পৰিকল্পনা কৰিছিল।
গ্ৰেপ্তাৰ পৰা চোৰাং চিকাৰী দুটা হ’ল ক্ৰমে বোকাখাতৰ ২ নং গেলেকীৰ জিণ্টু ওৰাং (৪০ বছৰ)৷ এই চোৰাং চিপাৰীটো আগতে গঁড় চোৰাং চিকাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু চাৰি বছৰ কাৰাগাৰত আছিল৷ দ্বিতীয়টো চোৰাং চিপাৰী হ’ল কাৰ্বি আংলং জিলাৰ ডোলামাৰাৰ সৰবাং ৰংহাং (৩১ বছৰ)৷













