
মহাৰাষ্ট্ৰৰ বীৰ মাজলগাঁৱত (Bir Majlgaon of Maharashtra) নাও দুৰ্ঘটনা (Boat accident)। বুধবাৰে বিয়লি ৩৫ জন তীৰ্থযাত্ৰীসহ নদী পাৰ হৈ থকা অৱস্থাত বাগৰি পৰে নাওখন। স্থানীয় সূত্ৰৰ মতে, এই ঘটনাত কেইবাজনো লোক নিৰুদ্দেশ (Several people missing) হৈছে। অৱশ্যে কিমানজন লোক সন্ধানহীন হৈ আছে সেয়া স্পষ্ট হোৱা নাই। এই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু (a woman death) হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নাওখনৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী উঠাই লোৱা যোৱা হৈছিল। ফলত ঘাটৰ পৰা ওলাই যোৱাৰ পাছতে নাওখন হেলনীয়া হৈ পৰে। ইয়াৰ পিছত ই উলটি যায়। নদীৰ প্ৰচণ্ড সোঁতে কেইবাজনো লোক উটুৱাই লৈ যায়। এই ঘটনাত আতংক বিয়পি পৰে।

অৱশ্যে স্থানীয় লোকৰ সহায়ত কেইবাজনো লোকক উদ্ধাৰ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নাৱৰীয়াজনক বাৰে বাৰে অধিক যাত্ৰী নিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কিন্তু, অভিযোগ অনুসৰি, নিষেধাজ্ঞাক আওকাণ কৰি ৩০ জনতকৈ অধিক যাত্ৰী লৈ নদীখন পাৰ হ’বলৈ চেষ্টা কৰিছিল। কিন্তু কিছুসময়ৰ পাছত নাওখন এফালে হেলনীয়া হৈ পৰে। বিপদ অনুভৱ কৰি যাত্ৰীসকল আতংকিত হৈ পৰে। নদীৰ প্ৰবল সোঁতৰ বাবে নাৱৰীয়াজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ইয়াৰ পিছত সোঁতত পৰি কেইবাবাৰো ঘূৰি ঘূৰি নাওখন ওলটি যায়। দুজনমানে সাঁতুৰি পাৰলৈ উঠে যদিও একাংশ যাত্ৰীক সোঁতে উটুৱাই লৈ যায়।












