
ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিল (Rajya Sabha candidacy canceled)ৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে (Goes to Supreme Court) কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজনে (Congress leader Meenakshi Natarajan)। মনোনয়ন বাতিল কৰা পদ্ধতিক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। মীনাক্ষীয়ে অনুৰোধ জনাইছে যে তেওঁৰ এই আবেদনৰ শুনানি যাতে অতি সোনকালে হয়। বৰ্তমান গ্ৰীষ্মকালীন ছুটীত আছে উচ্চতম ন্যায়ালয়। অৱশ্যে মীনাক্ষীৰ এই আবেদনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰাই উচ্চতম ন্যায়ালয়ৰ ছুটীৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে। কংগ্ৰেছে মধ্যপ্ৰদেশৰ পৰা মীনাক্ষীক ৰাজ্যসভালৈ পঠোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু গোচৰৰ কথা লুকুৱাই ৰখাৰ অভিযোগত নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন পত্ৰ নাকচ কৰে। ইফালে গোচৰ লুকুৱাই ৰখাৰ অভিযোগ অস্বীকাৰ কৰিছে মীনাক্ষীয়ে। মীনাক্ষীৰ বিৰুদ্ধে এনে যিকোনো গোচৰৰ অভিযোগো খাৰিজ কৰিছে কংগ্ৰেছে।
২৩০ জনীয়া মধ্যপ্ৰদেশ বিধানসভাত শাসকীয় বিজেপিৰ ১৬৩ জন আৰু মূল বিৰোধী দল কংগ্ৰেছৰ ৬৬ জন বিধায়ক আছে। ১৮ জুনত ৰাজ্যসভাৰ তিনিখন আসনত ভোটদানৰ কথা আছে। জয়ী হ’বলৈ এজন প্ৰাৰ্থীয়ে কমেও ৫৮ টা প্ৰথম পছন্দৰ ভোট লাভ কৰিব লাগিব। সংসদীয় অংক অনুসৰি, বিজেপিয়ে দুখন আৰু কংগ্ৰেছে এখন আসন লাভ কৰাটো নিশ্চিত আছিল। কিন্তু কংগ্ৰেছে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও তিনিওখন আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

ইয়াৰ পূৰ্বে কংগ্ৰেছে বিজেপিয়ে নিজৰ দুজনমান বিধায়কক বিক্ৰী কৰি ৰাজ্যসভাৰ নিৰ্বাচনত হাৰিয়ানা-হিমাচল প্ৰদেশ মডেলত জয়ী হোৱাৰ পৰিকল্পনা কৰা বুলি আশংকা প্ৰকাশ কৰিছিল। কংগ্ৰেছ দলে কংগ্ৰেছশাসিত কৰ্ণাটকলৈ নিজৰ বিধায়কক প্ৰেৰণৰ বাবে চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰিছিল। মঙলবাৰে বিয়লি বিধানসভা দলৰ সৈতে নটৰাজনেও বিমানত উঠিছিল। কিন্তু মনোনয়ন বাতিলৰ খবৰ ওলোৱাৰ পাছত তেওঁলোকক ঘূৰাই অনা হয়। ফলত বিজেপিৰ তিনিজন প্ৰাৰ্থী তৰুণ চুঘ, ৰাজনীশ আগৰৱালা আৰু মহেশ কেৱাটৰ বিজয় কাৰ্যতঃ নিশ্চিত। কাৰণ মনোনয়ন দাখিলৰ সময়সীমা পাৰ হৈ গৈছে, এতিয়া কংগ্ৰেছে বিকল্প প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰিব।
বিজেপিয়ে ৰিটাৰ্নিং অফিচাৰৰ ওচৰত অভিযোগ কৰিছিল যে ২০২৫ চনৰ ২০ আগষ্টত শ্ৰীলথা নামৰ এগৰাকী মহিলাই মীনাক্ষী নটৰাজন আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে হায়দৰাবাদৰ মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আদালতত গোচৰ ৰুজু কৰিছিল। ৩৫৬, ৬১, ৪৫, ৪৬, ৩৫১(২), ৩(৫) আৰু ৭৯ ধাৰাকে ধৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছিল। ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰত নটৰাজনৰ বিৰুদ্ধে জাননী জাৰি কৰি তেওঁক হাজিৰ হৈ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পিছত তেওঁৰ অধিবক্তাই ২৪ অক্টোবৰত ওলোটা শপতনামা দাখিল কৰি সকলো অভিযোগ অস্বীকাৰ কৰি এই অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰে। অভিযুক্তই গোচৰ খাৰিজ কৰাৰ বাবেও আবেদন দাখিল কৰে। এই আবেদন এতিয়াও আদালতত বিচাৰাধীন হৈ আছে। অৱশ্যে মীনাক্ষীয়ে দাবী কৰিছে যে আদালতে এই জাননী জাৰি কৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু হোৱা নাই।
বুধবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ বিষয়াসকলক সাক্ষাৎ কৰি মীনাক্ষীৰ প্ৰাৰ্থিত্ব বাতিলৰ সন্দৰ্ভত আলোচনা কৰে। আয়োগে সমাধানৰ কোনো আশ্বাস দিব নোৱাৰাৰ পাছত পুনৰবাৰ কংগ্ৰেছে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰিছে। এইবাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে মীনাক্ষী।












