
শনিবাৰে অসম চৰকাৰ (Assam Govt.)ৰ তৃতীয়খন কেবিনেট বৈঠক (Third cabinet meeting) অনুষ্ঠিত হয়। লোক সেৱা ভৱনত অনুষ্ঠিত এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Important decision) গ্ৰহণ কৰা হয়।

অসম কেবিনেটৰ সিদ্ধান্তসমূহ :
- ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনত ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হ’ব।
- ১ জুলাইৰ পৰা ৰাজ্যত প্রযোজ্য হ’বলগা VB-G RAM Gৰ অধীনত প্রতিখন পঞ্চায়তে লাভ কৰিব ১ কোটিকৈ টকা।
- ৯০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ বাবে নিশ্চিত উপাৰ্জনৰ সুবিধা।
- ১৮ বছৰৰ ওপৰৰ লোকক অসমত প্রদান কৰা নহ’ব আধাৰ কাৰ্ড।
- ২০২৭ চনৰ মাৰ্চলৈকে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।
- ৬ মাহৰ বাবে বিশেষ লোকৰ বাবে শিথিলতা।
- গুৱাহাটী ছেটেলাইট চিটী প্রাধিকৰণ স্থাপনৰ সিদ্ধান্ত।
- বিমান বন্দৰৰ আশে–পাশে নিৰ্মাণ হ’ব ছেটেলাইট চিটী।













