
বাৰিষাৰ আৰম্ভণিতে ক্ৰমাৎ বৃদ্ধি পাইছে কপিলী নদীৰ জলপৃষ্ঠ (surface of the Kapili River)৷ ১৭ জুনত নীপকোৱে বিশেষ জাননীৰ জৰিয়তে নামনি অসমৰ পাঁচ জিলাৰ লগতে আৰক্ষী অধীক্ষকসকল আৰু জিলাসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ এক জাননী জাৰি কৰি কৈছিল যে যিকোনো মুহূৰ্ততে খান্দং আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী এৰি দিয়া হ’ব পাৰে৷

ইয়াৰ সমান্তৰালকৈ ডিমা হাচাও জিলা আৰু চুবুৰীয়া মেঘালয়ত বিগত সপ্তাহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত খান্দং আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি (Gradual increase in water level) পাইছে৷ ফলত জলবিদ্যুৎ কৰ্তৃপক্ষই যিকোনো মুহূৰ্ততে অতিৰিক্ত পানী এৰি দিবলগা হ’ব পাৰে বুলি আগজাননী প্ৰদান কৰিছিল৷ ইয়াৰ পিছতে খান্দং আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৫ খন গে’টৰ পানী এৰি দিয়াত সোমবাৰে পুৱাৰে পৰা কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু সম্প্ৰতি ফেনে-ফোটোকাৰে বাঢ়িব লৈছে৷ ফলত যিকোনো মুহূৰ্ততে নৈখনে বান পৰিস্থিতি সৃষ্টি কৰাৰ শংকাই দেখা দিছে৷ ফলত এই আহাৰ মাহত কৃষকসকলৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে৷













