
ছোৱালী এজনীয়ে কি পিন্ধে (Girl’s clothing) সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত (Personal decision)। জিন্স পিন্ধা এগৰাকী যুৱতীয়ে ল’ৰাক ‘বিপথে পৰিচালিত’ কৰিব পাৰে বুলি কৰা ধাৰণাটো সমাজৰ বাবে উদ্বেগজনক। সোমবাৰে যৌন নিৰ্যাতন সম্পৰ্কীয় এটা গোচৰৰ (Sexual assault case) শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) এই পৰ্যবেক্ষণ কৰে। ন্যায়াধীশ চন্দ্ৰশেখৰ সুধা নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত যৌন নিৰ্যাতনৰ গোচৰৰ শুনানি চলি আছিল। ভুক্তভোগীগৰাকীয়ে অভিযোগ কৰে যে চুবুৰীয়াই তেওঁৰ পিছে পিছে ঘূৰি ফুৰিছিল। তেওঁৰ কাপোৰক লৈ ঠাট্টা কৰিছিল। ঘৰলৈ যোৱাৰ পথত তেওঁক অশ্লীল মন্তব্য দিয়ে। ৰাজপথত মাজে মাজে তেওঁক অশ্লীলভাৱে স্পৰ্শ কৰিছিল। ইয়াৰ পিছত তেওঁ থানাত এজাহাৰ দাখিল কৰে। আদালতত গোচৰ ৰুজু কৰা হয়। অৱশ্যে নিম্ন আদালতে অভিযুক্তক দোষমুক্ত কৰে। চৰকাৰী পক্ষই এই ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়।
সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কয় যে কাপোৰ বাছনি কৰাটো মানুহৰ ব্যক্তিগত সিদ্ধান্ত। নাৰীও তাৰ বেলেগ নহয়। আৰু জিন্স পিন্ধা ছোৱালী এজনীয়ে ‘ল’ৰাক বিপথে পৰিচালিত কৰিব পাৰে’ বুলি কৰা মন্তব্য উদ্বেগজনক মানসিকতাৰ প্ৰতিফলন। পুৰুষজনক যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত কৰাৰ সময়ত ন্যায়াধীশ সুধাই কয়, “ছোৱালীয়ে কি পিন্ধিব তাক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে পিতৃ-মাতৃ আৰু সমাজে নিজৰ সন্তানৰ আচৰণ নিয়ন্ত্ৰণ কৰিব লাগে।আনৰ ব্যক্তিগত পছন্দ আৰু স্থানক সন্মান কৰিবলৈ শিকা প্ৰয়োজন।”

উল্লেখযোগ্য যে অভিযুক্তৰ অধিবক্তাই প্ৰশ্ন আৰু উত্তৰৰ সময়ত কৰা কিছুমান মন্তব্যক সমালোচনা কৰে ন্যায়াধীশগৰাকীয়ে। ৰায়দানত তেওঁৰ কথাও উল্লেখ কৰা হৈছে। জেৰা আৰু যুক্তি তৰ্কৰ ধৰণত অভিযোগকাৰীৰ চৰিত্ৰহননৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। তেওঁ ‘পশ্চিমীয়া কাপোৰ’ পিন্ধে বুলি কৰা যুক্তি ভিত্তিহীন। আদালতৰ মন্তব্য আছিল, “এগৰাকী ছোৱালীয়ে কি পিন্ধে সেয়া তেওঁৰ ব্যক্তিগত পছন্দৰ কথা। আদালতত উপস্থিত থকা তেওঁৰ ওচৰ-চুবুৰীয়া, সমাজ, অভিযুক্ত বা অধিবক্তা, তেওঁলোকৰ কোনো এজনৰেই কাপোৰৰ বিষয়ে প্ৰশ্ন কৰাৰ অধিকাৰ নাই। এয়া তেওঁলোকৰ বিবেচনাৰ বিষয় নহয়। জিন্স পিন্ধা ছোৱালী এজনীয়ে এজন যুৱকক ‘বিপথে পৰিচালিত’ কৰিব পাৰে বুলি থকা ধাৰণাটো এটা অতি উদ্বেগজনক আৰু অগ্ৰাহ্য মানসিকতাৰ প্ৰতিফলন।”
কেইবছৰমান পূৰ্বে কলিকতা উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ চিত্তৰঞ্জন দাসৰ এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। শুনানিত তেওঁ কয় যে ছোৱালীক সাজ-পোছাক, আচৰণ আৰু যৌন সংযমৰ বিষয়ে শিকাব লাগে। তেওঁ কয়, “দুই মিনিটৰ ধেমালিৰ পৰিৱৰ্তে ছোৱালীয়ে নিজৰ শৰীৰৰ অধিকাৰ, মৰ্যাদা আৰু আত্মমূল্য ৰক্ষা কৰিব লাগে।” উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণৰ তীব্ৰ সমালোচনা কৰে আৰু স্বতঃপ্ৰণোদিতভাৱে এই গোচৰ খাৰিজ কৰে।












