
বুধবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে স্বীকাৰ কৰে যে কিছু ভুলৰ বাবে মেডিকেল স্নাতক প্ৰৱেশ পৰীক্ষাৰ (NEET-UG) প্ৰশ্নকাকত ফাদিল হৈছিল। এটা সাক্ষাৎকাৰত তেওঁ কয়, “মই স্বীকাৰ কৰোঁ যে আমি পূৰ্বতে ভুল কৰিছিলোঁ। কিন্তু আমি সেই ভুলবোৰ দ্ৰুততাৰে শুধৰাই দিছোঁ।”

প্ৰশ্নকাকত ফাদিলৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ৩৭ দিনৰ ভিতৰত নতুনকৈ নীট অনুষ্ঠিত কৰিবলগা হৈছে। বিতৰ্কৰ পৰা হাত সাৰিবলৈ এক লাখৰো অধিক চিচিটিভি কেমেৰাৰ সহায়ত বিভিন্ন কেন্দ্ৰত চোৰাংচোৱাগিৰি কৰা হৈছে। উক্ত পৰীক্ষাতো ইতিমধ্যে কিছু অনিয়মৰ অভিযোগ উত্থাপন হৈছে।
অৱশ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, “পুনৰ নীটত কোনো সমস্যা হোৱা নাই।” তেওঁ লগতে মন্তব্য কৰে, “নীটৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ বাৰ্তা, ইতিবাচক হৈ থাকক আৰু চৰকাৰী ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখক। প্ৰধানমন্ত্ৰী মোদীয়ে বহু কাম কৰি আছে। আমি ব্যৱস্থাটোক পুনৰ শুদ্ধ পথলৈ আনিছোঁ।’’
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ বাবে ৩ মে’ত অনুষ্ঠিত সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET-UG বাতিল কৰাৰ সিদ্ধান্ত লয়। ২১ জুনত যোগ দিৱসত NEET-UG পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়।
সেইদিনা দিল্লী আৰু উত্তৰ প্ৰদেশৰ সীমান্তৰ ওখলাস্থিত নেচনেল টেষ্টিং এজেন্সীৰ মুখ্য কাৰ্যালয়ৰ পৰা ১,৩৮,৫৬০টা চিচিটিভি কেমেৰাৰ জৰিয়তে বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পোনপটীয়াকৈ নিৰীক্ষণ কৰা হয়। তাত উপস্থিত আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ। মঙলবাৰে তেওঁ কয়, “প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কোনো ধৰণে প্ৰভাৱিত হ’ব নালাগে, আমি সেয়া নিশ্চিত কৰিছোঁ।”













