
দেশত ক্ৰমাৎ বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ সংখ্যা। চাইবাৰ অপৰাধী (Cyber criminal)ৰ জালত ভৰি দি বহুতে নিজৰ সাঁচতীয়া ধন-সম্পত্তি হেৰুৱালগা হৈছে। আনহাতে, দেশত সক্ৰিয় হৈ থকা চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে (Against the cybercriminal network) কেন্দ্ৰই তৎপৰতা গ্ৰহণ (Readiness) কৰিছে। ইয়াৰে অংশ হিচাপে বৃহস্পতিবাৰে সমগ্ৰ দেশত চিবিআয়ে এক অভিযান চলায়। অসমকে ধৰি ১৬ ৰাজ্যৰ ৮০ টাতকৈও অধিক স্থানত চিবিআয়ে এই অভিযান চলায়। এই অভিযানত শ্বেল কোম্পানী আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে ধন সৰবৰাহত সহায় কৰাৰ বাবে চিবিআয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। এই অভিযানটোৰ নাম দিয়া হৈছে ‘অপাৰেচন চক্ৰ-৬’।

এই অপাৰেচন চক্ৰৰ অধীনত বৃহস্পতিবাৰে চিবিআয়ে অসম, পঞ্জাব, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, মণিপুৰ, কৰ্ণাটক আৰু ওড়িশাৰ বিভিন্ন স্থানত চিবিআইৰ ৬০টা দলে অভিযান চলায়। উল্লেখ্য যে সমগ্ৰ দেশত ডিজিটেল জালিয়াতিৰ সৈতে জড়িত ২ শতাধিক গোচৰ বিভিন্ন স্থানত ৰুজু হৈছে। এই গোচৰৰ ভিত্তিতে চিবিআয়ে এই অভিযান চলায়। এই অভিযানৰ সময়ত চেন্নাইৰ পৰা বি নৰেশ আৰু কলকাতাৰ পৰা সঞ্জীৱ সাহা নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। চিবিআয়ে দাবী কৰা অনুসৰি এই দুই অভিযুক্তই শ্বেল কোম্পানী স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ভুৱা বেংক একাউণ্ট খুলি প্ৰায় ২ কোটি টকা সন্দেহজনক লেনদেন কৰিছিল।











