
প্ৰকৃতিৰ ৰোষত পৰিছে অৰুণাচল প্ৰদেশ (Arunachal Pradesh)৷ ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত সৃষ্টি হৈছে বান আৰু ভূমিস্খলনৰ (Floods and landslides) ঘটনা। আনহাতে, নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম অৰুণাচল প্ৰদেশত বুধবাৰে নিৰুদ্দেশ হোৱা ৫ জন লোকৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ ৩৫ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ ইফালে বান-ভূমিস্খলনে বিধ্বস্ত কৰা ৰাজ্যখনত বহু স্থানত পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত ছয়খন জিলা সংযোগবিহীন হৈ পৰিছে। লগতে বহু ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

বান আৰু ভূমিস্খলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কেয়ী পানীয়ৰ জিলোৰ পোছা অঞ্চল। অঞ্চলটোৰ নীপকো কলনীত ভূমিস্খলনৰ কবলত ২০টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি ১৭ জন লোক আহত হয়। আহতসকলক জিৰ’ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও তাৰে মাজৰ তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে, পথ যোগাযোগ বিচ্ছিন্ন হোৱাত ক্ষতিগ্ৰস্ত এলেকাত এম্বুলেন্স প্ৰৱেশত সমস্যাৰ সৃষ্টি হোৱাত কান্ধেৰে কঢ়িয়াই নিবলগীয়া হয়। ইফালে ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে সংশ্লিষ্ট জিলা আৰক্ষী, এছডিআৰএফ আৰু অন্যান্য উদ্ধাৰ আৰু সাহায্যকাৰী সংস্থাসমূহক নিয়োগ কৰিছে।













