
পুনৰ উত্তেজনাত জ্বলি উঠিছে মণিপুৰ (Again violence in Manipur)ৰ কাংপোকপি জিলাৰ কুকি গাঁও (Kuki village)। এই ঘটনাত এহাল দম্পতীকে ধৰি তিনিজন লোকে প্ৰাণ হেৰুৱাইছে (Three people killed)। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, শুকুৰবাৰে পুৱা অচিনাক্ত বন্দুকধাৰীয়ে লয়বোল খুল্লেন গাঁৱত প্ৰৱেশ কৰি আক্ৰমণ চলায়। পিছত উদ্ধাৰ হয় তিনিজন লোকৰ মৃতদেহ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত লোকজনৰ নাম লেটখোংগম হাওকিপ (৩৪), তেওঁৰ পত্নী তিনিমাৰী হাওকিপ (৩০) আৰু জাংমিনলান হাওকিপ (৩৪)।
আৰক্ষীয়ে জনোৱা মতে, ৭টা ঘৰত জুই লগাই দিয়া হয়। এই ঘটনাত কুকিসকলে নগা সশস্ত্ৰ গোটৰ ফালে আঙুলি টোঁৱাইছে। আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। মণিপুৰৰ কাংপোকপি জিলাত বসবাস কৰা অধিকাংশ লোকেই কুকি। অৱশ্যে ইয়াত বিভিন্ন নগা জনজাতিয়েও বসবাস কৰে। যোৱা জানুৱাৰী মাহৰ পৰা জিলাখনত বাৰে বাৰে উত্তেজনাৰ সৃষ্টি হৈছে।

কুকি সম্প্ৰদায়ৰ সংগঠন কুকি ইনপি মণিপুৰে এক বিবৃতিত কয় যে নিৰস্ত্ৰ লোকৰ ওপৰত এই অত্যাচাৰ নিন্দনীয়। মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। এই আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। স্থানীয় নিৰ্দলীয় বিধায়ক হাওখোলেট কিপজেনে এই আক্ৰমণক গৰিহণা দিয়ে।
এনেধৰণৰ আক্ৰমণ পুনৰ হ’ব নালাগে বুলিও তেওঁ কয়। লগতে দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। শেহতীয়াকৈ নগা আৰু কুকিৰ মাজত সংঘাত বৃদ্ধি পাইছে। তিনি সপ্তাহ পূৰ্বে নগা গোটটোৱে ১৪ জন কুকিক পণবন্দী কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছে ছয়জন নগা। ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা মণিপুৰত কুকিৰ কেইবাটাও ঘৰত জুই লগাই দিয়া হয়। পিছত নগা বিদ্ৰোহী সংগঠন জেলিয়াংৰং ইউনাইটেড ফ্ৰণ্টে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে। কিন্তু বিদ্ৰোহীয়ে দাবী কৰে যে ঘৰবোৰ আফিং খেতিৰ বাবে ব্যৱহাৰ কৰা হৈছে। কেৱল সেই ঘৰবোৰহে জ্বলাই দিয়া হৈছে।













