
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ নকৰিলে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টীয়ে। বৃহস্পতিবাৰে দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাই লগতে তিনিটা দাবী উত্থাপন কৰে। জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী কৰাৰ উপৰি চিজেপিয়ে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈও দাবী জনাইছে। লগতে তেওঁলোকে কয় যে জ্ঞানেশ কুমাৰক কোনে বা কিয় আদেশ দিলে সেয়া ৰাজহুৱা কৰিব লাগে।
দীপকেৰ দ্বিতীয়টো দাবী হ’ল, আগন্তুক সকলো নিৰ্বাচন পিছুৱাই দিব লাগে। এছ আই আৰ (SIR) প্ৰক্ৰিয়া তৎক্ষণাত বন্ধ কৰিব লাগে। ২০২৫ চনৰ জানুৱাৰী মাহত যি ভোটাৰ তালিকা আছিল সেইখন পুনৰ ঘূৰাই আনিব লাগে। লগতে এছ আই আৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া পৰীক্ষাৰ বাবে এখন নিৰপেক্ষ কমিটী গঠনৰ দাবী উত্থাপন কৰে। তেওঁলোকে লগতে কয় যে উচ্চতম ন্যায়ালয়ে এছ আই আৰৰ সৈতে জড়িত সকলো নথি সংৰক্ষণ কৰিব লাগে।

পঁইতাচোৰা দলৰ তৃতীয় আৰু অন্তিম দাবীটো হ’ল, নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন ২০২৩ বাতিল কৰা উচিত। নিৰ্বাচন আয়ুক্তক নিযুক্তিৰ বাবে নতুন আইন প্ৰণয়ন কৰিব লাগে। নতুন আইনখন প্ৰস্তুত প্ৰক্ৰিয়াত নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈও দাবী জনাইছে।
সংবাদমেলত দীপকেয়ে কয়, “মুখ্য নিৰ্বাচন আয়ুক্ত আটাইতকৈ ডাঙৰ দেশদ্ৰোহী। তেওঁ এতিয়াই পদত্যাগ কৰিব লাগে। কাৰণ তেওঁ দেশৰ গণতন্ত্ৰৰ বাবে আটাইতকৈ বিপজ্জনক।” একে সময়তে দীপকেয়ে কয়, “জ্ঞানেশ কুমাৰে যদি ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ নকৰে, তেন্তে ককৰোচ জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে প্ৰতিবাদ কৰিব। তেওঁ পদত্যাগ নকৰালৈকে আমি পিছুৱাই নাযাওঁ।”
‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। প্রতিবেদনত দাবী কৰা হৈছে যে দুই নির্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে তেওঁলোকক অন্ধকাৰত ৰাখি সকলো গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে বুলি অভিযোগ উত্থাপন কৰিছে৷ ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা, এছ আই আৰৰ নামত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন আদিৰ সৈতে জড়িত কেইবাটাও বিষয়ত সান্ধু আৰু যোশীয়ে আপত্তি প্ৰকাশ কৰিছে। বিগত ১০ মাহত ১৪ বাৰ আয়োগৰ সিদ্ধান্তত আপত্তি কৰিছে। কিন্তু বিতৰ্কত পৰি নিৰ্বাচন আয়োগে ব্যাখ্যা দিছে যে নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐকমত্যৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। আয়োগে এই ব্যাখ্যা দিয়াৰ পিছতো কিন্তু বিতৰ্ক বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে। এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবী জনাইছে চিজেপিয়েও।













