
গোৱাৰ মুখ্য নিৰ্বাচনী বিষয়াই ৭ দিনত ৮ বাৰ ইমেইলযোগে ৯৭ গৰাকী ভোটাৰক নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ইমেইল কৰিছিল। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো সঁহাৰি পোৱা নাছিল বুলি অভিযোগ উঠিছে। এই ক্ষেত্ৰতো আয়োগৰ তথ্য-প্ৰযুক্তি (আই টি) বিভাগৰ সঞ্চালক প্ৰধান সীমা খান্নাক জবাবদিহি কৰা হৈছে। এই কথা দাবী কৰিছে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক নতুন প্ৰতিবেদনে।
যোৱা ২১ ফেব্ৰুৱাৰীত এছ আই আৰ (SIR) পৰ্যায়ৰ সময়ত গোৱাত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হৈছিল। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সেই ৯৭ জন লোকৰ নাম চূড়ান্ত নিৰ্বাচনী তালিকাত নাছিল। কিন্তু তালিকা প্ৰকাশৰ চাৰিদিন পূৰ্বে ৯৭ জন লোকৰ নাম সন্নিবিষ্ট কৰা অষ্টমটো ইমেইল গোৱাৰ চিইঅ’ই প্ৰেৰণ কৰিছিল। ইমেইলৰ প্ৰতিলিপি গোৱা নিৰ্বাচনৰ দায়িত্বত থকা উপ-নিৰ্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতী আৰু সীমা খান্নালৈ প্ৰেৰণ কৰা হয়। এই ৯৭ জন লোকৰ নাম তথ্যৰ অসামঞ্জস্য বা ‘যুক্তিসংগত অমিল’ৰ তালিকাত আছিল। উচ্চতম ন্যায়ালয়ে এই তালিকাত থকা ভোটাৰসকলক নতুন নথি দাখিল কৰিবলৈ বা আবেদন কৰিবলৈ ১০ দিনৰ সময় দিছিল। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত গোৱাত ৬৪৯ গৰাকী ভোটাৰে নথি দাখিল কৰি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ আবেদন জনায়। ইয়াৰে কেইবাটাও আবেদন নিৰ্বাচনী পঞ্জীয়ন বিষয়া বা ই আৰ অ’ই নিষ্পত্তি কৰিছিল। ভোটাৰ তালিকাত ৯৭ জন লোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দিয়া হৈছিল সেউজ সংকেত। ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, যদিও এই ৯৭ জন লোকৰ নাম ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়াই শুদ্ধ বুলি জনাইছিল, তথাপিও আয়োগৰ ইচিআইনেট ছফ্টৱেৰত নাম লিখা নাছিল। উল্লেখ্য যে প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা শুধৰণি আৰু পৰীক্ষণৰ দায়িত্ব ই আৰ অ’ৰ। ইয়াৰ আগতে এই কামৰ বাবে EROnet ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছিল। পিছত সকলোকে ইচিআইনেট ছফ্টৱেৰৰ অধীনলৈ অনা হয়।

প্ৰতিবেদন অনুসৰি, যদিও ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ ৮টা ইমেইল প্ৰেৰণ কৰা হৈছিল, তথাপিও সীমা খান্নাৰ আই টি বিভাগৰ পৰা কোনো উত্তৰ পোৱা নাছিল। এই ৯৭ জন লোকৰ নাম যোৱা ২০ ছেপ্টেম্বৰ পৰ্যন্ত গোৱা ভোটাৰ তালিকাত নথকা বুলি সাংবাদিকগৰাকীয়ে দাবী কৰিছে। ই আৰ অ’ই এই ৯৭ জন লোকৰ নাম উলিয়াবলৈ নিৰ্দিষ্ট ছফ্টৱেৰ ব্যৱহাৰ কৰিব নোৱাৰিলে। ইয়াৰ কাৰণ হ’ল এই ছফ্টৱেৰটো দিল্লীৰ পৰা চলি থকা বুলি কোৱা হৈছে।
এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে আয়োগৰ উপ-নির্বাচন আয়ুক্তই সীমা খান্নালৈ এই ছফ্টৱেৰ নিয়ন্ত্রণৰ সন্দর্ভত লিখিছিল৷ পত্ৰখনত কোৱা হৈছে, “উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী প্ৰয়োজনীয় পদক্ষেপত আই টি বিভাগে বাধা দিব নোৱাৰে, প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে।” এই পৰিপ্ৰেক্ষিতত গোৱাৰ চিইঅ’গৰাকীয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনাইছে, “তথ্যৰ অসামঞ্জস্যৰ বাবে বিবেচনা কৰা ভোটাৰসকলৰ ভিতৰত যাৰ নাম আঁতৰোৱা হ’ব, তেওঁলোকৰ নাম আয়োগক অৱগত কৰা হৈছে। ই আৰ অ’ পৰ্যায়ত পুনৰ নামভৰ্তিৰ বাবে কিছু পদ্ধতি আছে।”
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক তদন্তমূলক প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে নৱেম্বৰৰ পৰা আগষ্টলৈকে নিজৰ নিজৰ পত্ৰত কেইবাবাৰো ভোটাৰ তালিকাৰ ডাটাবেছ কেন্দ্ৰীভূত কৰাৰ কথা কৈছে। ইয়াৰ উপৰি কোৱা হৈছে যে নাম পঞ্জীয়নৰ বাবে ছফ্টৱেৰৰ ওপৰত ই আৰ অ’ৰ নিয়ন্ত্ৰণ নাই। যোৱা আগষ্ট মাহত সান্ধুৱে লিখিছিল, “ই আৰ অ’, ডি ই অ’ আৰু চি ই অ’সকলে ই আৰ অ’নেট পৰ্টেলত প্ৰৱেশ লাভ কৰা নাই।”
বুধবাৰে প্ৰকাশিত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সান্ধু আৰু যোশী নামৰ আয়ুক্ত দুজনে স্বচ্ছ ভোটাৰ তালিকা সৃষ্টিৰ বিষয়টো এতিয়া বিকেন্দ্ৰীকৃত পদ্ধতিৰে নিয়ন্ত্ৰিত নহয় বুলি অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ বিষয়টো সীমা খান্নাৰ নিয়ন্ত্ৰণত আছে। দৰাচলতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা তৈয়াৰ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব নিৰ্বাচনী পঞ্জীয়ন বিষয়া বা ই আৰ অ’ৰ ওপৰত। ইয়াৰ পূৰ্বে ভোটাৰ তালিকা ‘EROnet’ ছফ্টৱেৰত উপলব্ধ আছিল। এতিয়া ই ‘ECInet’ ত উপলব্ধ। ভোটাৰ তালিকাৰ পৰা নাম সংযোজন আৰু বাদ দিয়াত ই আৰ অ’ৰ ক্ষমতা হ্ৰাস পাইছে নেকি সেই সন্দৰ্ভত নিৰ্বাচন আয়ুক্ত দুজনে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।












