
সামৰিক অৰ্থত ইয়াৰ নাম হৈছে ‘এয়াৰবৰ্ণ আৰ্লি ৱাৰ্নিং এণ্ড কণ্ট্ৰ’ল ছিষ্টেম’ (AWACS) । ই ৰাডাৰ সজ্জিত বিমান, যিয়ে শত্ৰুৰ বিমানত চোৰাংচোৱাগিৰি বা আক্ৰমণৰ সময়ত যুঁজাৰু জেট স্কোৱাড্ৰনক পথ প্ৰদৰ্শন কৰে। ইজৰাইলৰ ফেলকনৰ লগতে এইবাৰ ভাৰতীয় বায়ুসেনাই চৰকাৰী মালিকানাধীন ডিআৰডিঅ’ৰ (DRDO) (প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা) দ্বাৰা প্ৰস্তুত কৰা ‘নেত্ৰ’ এৱাকছ লাভ কৰিবলৈ ওলাইছে।

বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ভাৰতীয় সশস্ত্ৰ বাহিনীত নিয়োগৰ বাবে ইতিমধ্যে ‘অপাৰেচনেল ক্লিয়াৰেন্স’ লাভ কৰিছে থলুৱাভাৱে বিকশিত হোৱা এৱাকছ ‘নেত্ৰ’ই।
একাংশ সামৰিক পৰ্যবেক্ষকৰ মতে, এম্ব্ৰায়াৰ ই আৰ জে-১৪৫ বিমানত কঢ়িয়াই নিব পৰা এই অত্যাধুনিক ৰাডাৰৰ আগমনৰ ফলত পাকিস্তান আৰু চীন সীমান্তত ভাৰতৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত হ’ব। উল্লেখ্য যে ২০১৭ চনত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ’লেও এতিয়ালৈকে কোনো সামৰিক অভিযানত ইয়াক আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা হোৱা নাই।
‘নেত্ৰ’ এৱাকছত ব্যৱহৃত ‘এছা’ ছেন্সৰ আৰু ৰাডাৰে ৪৫০ৰ পৰা ৫০০ কিলোমিটাৰলৈকে লক্ষ্য অনুসৰণ কৰিব পাৰে। ‘ইলেক্ট্ৰ’নিক চোৰাংচোৱা’ থকা এই থলুৱা AWACS যুদ্ধ পৰিস্থিতিত আকাশৰ পৰা পোনপটীয়াকৈ স্থল বাহিনীলৈ লাইভ ডাটা প্ৰেৰণ কৰিবলৈ সক্ষম। অৱশ্যে ৪০০ কিলোমিটাৰ দূৰত্বৰ ইজৰাইলী ফেলকন ৩৬০ ডিগ্ৰীৰ পথত চোৰাংচোৱাগিৰি কৰিবলৈ সক্ষম। কিন্তু ভাৰতত নিৰ্মিত নেত্ৰৰ ছাৰ্ভিলেন্স ৰেঞ্জ ২৪০ ডিগ্ৰী।
উল্লেখ্য যে ভাৰতে কিছুবছৰ পূৰ্বে প্ৰায় ৮,১০৭ কোটি টকাত ইজৰাইলৰ পৰা তিনিটা ফেলকন ক্ৰয় কৰিছিল। ৰাছিয়াত নিৰ্মিত সামৰিক পৰিবহণ বিমান আই এল-৭৬ত স্থাপন কৰা ইজৰাইলৰ চোৰাংচোৱা ব্যৱস্থাটো ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানসমূহক নিজৰ লক্ষ্য চিনাক্ত কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে। ইয়াৰ উপৰি ই শত্ৰুৰ বায়ুসেনাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰে।
এই ইজৰাইলৰ এৱাকছে ২০১৯ চনত পাকিস্তানৰ বালাকোটত থকা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰা ১২খন মিৰাজ-২০০০ যুঁজাৰু বিমান পৰিচালনা কৰিছিল। যোৱা বছৰ অপাৰেচন সিন্দুৰতো ফেলকনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু একাংশ প্রকাশিত প্রতিবেদনে দাবী কৰিছে যে সিন্দুৰ অভিযানৰ সময়ত সেনাই অঘোষিতভাৱে নেত্ৰৰ কার্যকৰিতা পৰীক্ষা কৰিছে৷











