
ৰাজহুৱা পৰিবহণ খণ্ডৰ গাড়ী (Public transport vehicle) চলাবলৈ হ’লে মাৰাঠী জানিবই লাগিব (know Marathi)। অন্যথা তেওঁলোকৰ ড্ৰাইভিং লাইচেন্স বাতিল (Driving license cancelled) হ’ব পাৰে। এই কথা মহাৰাষ্ট্ৰ চৰকাৰে অটো, টেক্সি আৰু কেব চালকক জনাইছে। বুধবাৰে দেৱেন্দ্ৰ ফাড়নৱীছ চৰকাৰে মহাৰাষ্ট্ৰৰ ‘মটৰ গাড়ী আইন, ১৯৮৯’ (Motor Vehicle Act, 1989) কিছু পৰিমাণে সংশোধন কৰে। সংশোধিত আইন (Amended law)খনত স্পষ্টকৈ উল্লেখ আছে যে মাৰাঠী নজনা টেক্সি আৰু অটোচালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ১৮ আগষ্টৰ পৰা (মঙলবাৰ) কাৰ্যকৰী হ’ব এই নতুন আইন।
এনে পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সাৰ্নাইকে মাৰাঠী নজনা সকলো চালকৰ গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ তিনি মাহৰ বাবে বন্ধ থাকিব পাৰে বুলি কৈছে। ইয়াৰ পিছতো যদি মাৰাঠী শিকিব নোৱাৰে তেন্তে অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰীগৰাকীৰ মতে, “এইবাৰ পৰিবহণ আইন সন্দৰ্ভত বহু অস্পষ্টতা দূৰ হৈছে। ৰাজহুৱা পৰিবহণৰ সৈতে জড়িত চালকসকলে নিজৰ কাম সম্পাদন কৰিবলৈ মাৰাঠী জনাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত যাত্ৰীসকলৰ সৈতে ভালদৰে যোগাযোগ আৰু তেওঁলোকৰ অসুবিধাৰ বিষয়ে বুজিব পৰা যায়। ইয়াৰ উপৰি যাত্ৰীসকলৰ সুৰক্ষা আৰু স্বাচ্ছন্দ্য বৃদ্ধি পায়।”
মহাৰাষ্ট্ৰ পৰিবহণ বিভাগে প্ৰকাশ কৰিছে যে অনা মাৰাঠী কেব চালকৰ লগত বহু যাত্ৰীয়ে ভাষাৰ সমস্যাৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পিছত চৰকাৰে ইমান দিনে চলি থকা আইনখনত কিছু সালসলনি কৰাৰ কথা ভাবে। একেদৰে সংশোধিত আইনখনো গৃহীত হয়। বৈধ অনুমতি-পত্ৰ থকা ইলেক্ট্ৰনিক মিটাৰ থকা অটো, টেক্সি আৰু এপ ভিত্তিক কেব চালকৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য হ’ব।












