
বিহাৰৰ এটা মন্দিৰৰ ভিতৰত পদপিষ্ট (Bihar Temple Stampade) হৈ মৃত্যু হয় কমেও ৭ গৰাকী তীৰ্থযাত্ৰী (At least 7 pilgrims dead)ৰ। আন কেইবাজনো আহত হয়। শাওণ মাহৰ সোমবাৰে বিহাৰৰ লক্ষীচৰাইৰ অশোকাধাম শিৱ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল ভক্তসকল। তাতেই পুৱা প্ৰায় ৭.৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
প্ৰথম অৱস্থাত মন্দিৰ চৌহদত বিদ্যুৎ পৰিবাহী তাঁৰ পৰি থকা বুলি খবৰ পোৱা গৈছিল। বিদ্যুৎস্পৃষ্ট হোৱাৰ ভয়ত ভক্তসকলে খৰখেদাকৈ দৌৰিবলৈ আৰম্ভ কৰে। আৰম্ভ হয় ঠেলা-হেঁচা। বিশাল ভিৰৰ মাজত ইজনে সিজনৰ ওপৰেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰে। সেই ভিৰৰ মাজত ৭ জন লোক পদপিষ্ট হৈ মৃত্যুমুখত পৰে।
ইতিমধ্যে আহত ভক্তসকলক লক্ষীচৰাই চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তাত তেওঁলোক চিকিৎসাধীন হৈ আছে। এই ঘটনাত কিমানজন লোকৰ মৃত্যু হৈছে সেই কথা এতিয়াও সদৰী কৰা নাই লক্ষীচৰাই জিলা প্ৰশাসনে। অৱশ্যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। লক্ষীচৰাই জিলা দণ্ডাধীশ শৈলেন্দ্ৰ কুমাৰে সংবাদ সংস্থা এএনআইক জনোৱা মতে, পুৱা ৬.৩০ বজাৰ পৰা ৭.৪৫ বজাৰ ভিতৰত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া দুখন ৰে’ল একেৰাহে মন্দিৰৰ সমীপৰ ষ্টেচনত উপস্থিত হয়।

ইয়াৰ বাবে মন্দিৰ চৌহদত জনসমাগম আৰু বাঢ়ে। তেওঁ কয়, “সাতজন লোকৰ মৃত্যুৰ তথ্য আমি পাইছোঁ। কোৱা হৈছে যে মন্দিৰৰ ভিতৰত থকা দুজনমান লোক বিদ্যুতৰ খুঁটা এটা পৰি বিদ্যুৎস্পৃষ্ট হয়। সেই কাৰণেই এই হুলস্থুলৰ ঘটনা সংঘটিত হয়। অৱশ্যে আমি সকলো তদন্ত কৰিহে আচল কাৰণটো ক’ব পাৰিম।”
লগতে জিলা দণ্ডাধীশে ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে। কিন্তু হুলস্থুলত এফালে বেৰিকেড ভাঙি যায়। তীৰ্থযাত্ৰীসকল ইজনে সিজনৰ ওপৰত পৰে। যদিও ক্ষিপ্ৰতাৰে কেইবাজনো লোকক উদ্ধাৰ কৰা হয়, তথাপিও ৰাইজৰ হেঁচাত সকলোকে বাহিৰলৈ উলিয়াই অনা সম্ভৱ নহ’ল।
লক্ষীচৰাইৰ অশোকাধাম মন্দিৰক ইন্দ্ৰদম্নেশ্বৰ মন্দিৰ বুলিও জনা যায়। জিলাখনৰ অন্যতম বিখ্যাত শিৱ মন্দিৰ। ইন্দ্ৰদম্নেশ্বৰ মন্দিৰৰ বাহিৰেও পাৰ্বতী, নন্দী আৰু দুৰ্গাৰ মন্দিৰ আছে। মন্দিৰত গোটেই বছৰটোত ভক্তৰ ভিৰ থাকে। কিন্তু শাওণ মাহত বিশেষকৈ সোমবাৰ আৰু শিৱৰাত্ৰিৰ দিনত ভিৰ বাঢ়ি যায়। বিগত মাৰ্চ মাহত বিহাৰৰ নালন্দাৰ শীতলামাতা মন্দিৰত হোৱা ভয়াৱহ ঘটনাত ৮ জন লোকৰ মৃত্যু হৈছিল। আহত হয় ১২ জন লোক। সেই ঘটনাৰ পিছতে বিহাৰৰ আন এটা মন্দিৰত পুনৰ পদপিষ্ট হৈ মৃত্যুৰ ঘটনা সংঘটিত হয়।











