
ঘৰৰ সন্মুখত দুজন যুৱকে মদ খাই আছিল। তাত আপত্তি কৰে এগৰাকী ৭০ বছৰীয়া মহিলাই। তেওঁ আপত্তি কৰাত তেওঁৰ লগত কাজিয়া আৰম্ভ কৰে। ইয়াৰ পিছতে বৃদ্ধাগৰাকীৰ ঘৰত জোৰকৈ সোমাই ধৰ্ষণ কৰি তেওঁক হত্যা (Rape and Murder) কৰাৰ অভিযোগ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত (Lucknow) বুধবাৰে মাজনিশা সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজন ৰাজেশ গুড্ডু (Rajesh Guddu) আৰু হৰিৰাম ৰাৱত (Hariram Rawat)। বৃদ্ধাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে অঞ্চলটোত অহৰহ মদ্যপান কৰা লোকৰ অহা যোৱা চলি থাকে।

শুকুৰবাৰে অভিযুক্ত দুজনে ঘৰৰ সন্মুখত মদ্যপান কৰি আছিল। কেৱল সেয়াই নহয়, তেওঁলোকে অশ্ৰাৱ্য ভাষাৰে গালি-গালাজ কৰিছিল বুলিও অভিযোগ উঠিছে। তাৰ পাছত বৃদ্ধাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহি যুৱক দুজনক ঘৰৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ কয়।
কিন্তু অভিযুক্তই বৃদ্ধাগৰাকীৰ আপত্তি নুশুনি তেওঁৰ ঘৰৰ সন্মুখত থিয় হৈ পুনৰ মদ খাবলৈ ধৰে। বৃদ্ধাগৰাকীয়ে পুনৰ নিষেধ কৰাত, যুৱককেইজনে তেওঁক গালি-গালাজ কৰে। অভিযোগ অনুসৰি, তাৰ পিছত তেওঁলোকে বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি বৃদ্ধাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে। প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহটো ঘৰৰ পিছফালে লৈ গৈ জোপোহাত পেলাই দিয়ে। ইয়াৰ পিছত তেওঁলোকে পলায়ন কৰে। তদন্তকাৰী সূত্ৰৰ মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্ত দুজনক চিনাক্ত কৰা হৈছে। ইয়াৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাই অঞ্চলটোত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে অঞ্চলটোৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।













