
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ পূৰ্বসুৰী ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰয়াত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “পণ্ডিত দীনদয়াল উপাধ্যায়জী আছিল জাতীয় সেৱাৰ প্ৰকৃত ভক্ত। তেখেতৰ জন্ম বাৰ্ষিকীত তেখেতৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ জাতি গঢ়াৰ সপোনৰ ভেটি আছিল সমাজৰ প্ৰান্তীয় লোকসকলৰ বিকাশ। তেওঁ অন্ত্যোদয়ৰ দৰ্শন দিছিল। এই দৰ্শনে এতিয়াও মানুহক জনকল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।” কিন্তু দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভত তেওঁৰ ভাষণত এটা শব্দও নোলাল৷
দীনদয়ালৰ স্মৃতিত ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰ তাৰিখটো অন্ত্যোদয় দিৱস হিচাপে ঘোষণা কৰি উদযাপন কৰে। ইয়াৰ উদ্দেশ্য সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশৰ প্ৰসাৰ ঘটোৱা। ১৭ ছেপ্টেম্বৰত মোদীৰ ৭৬ সংখ্যক জন্মদিনত গুজৰাটৰ জন্মস্থান বদনগৰ আৰু তেওঁৰ সমষ্টি বাৰাণসীৰ মাজত দ্বিমুখী ‘সেৱা সংকল্প অভিযান’ (মটৰ চাইকেল ৰেলী) আৰম্ভ হয়।

শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে ‘সেৱা যাত্ৰা’ত অংশগ্ৰহণ কৰা বিজেপিৰ যুৱ কৰ্মীসকলক ভিডিঅ’ ভাষণ প্ৰদান কৰে। ভোট বেংকৰ ৰাজনীতিৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ কথা চিন্তা কৰিবলৈ বাৰ্তা দিয়ে। তেওঁৰ চৰকাৰৰ দিনত বিগত ১২ বছৰত বৈষম্য হ্ৰাস পোৱা বুলি দাবী কৰে। বাইক যাত্ৰাত যোৱা ‘সেৱা যাত্ৰী’সকলক গেৰুৱা পাগুৰিৰ সলনি হেলমেট পিন্ধিবলৈ কয়। আনকি গুজৰাট অভিমুখী দলটোক সিংহ দৰ্শনৰ বাবে গিৰ বনাঞ্চললৈ যাবলৈও পৰামৰ্শ দিয়ে। কিন্তু জ্ঞানেশ কুমাৰ বিতৰ্কক লৈ তেওঁ মৌন হৈ থাকিল।
বুধবাৰে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ‘স্বেচ্ছাচাৰিতা’ৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে প্ৰকাশ কৰা তদন্তমূলক প্ৰতিবেদনৰ পিছতে সমগ্ৰ দেশতে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বিৰোধী দল, আনকি নতুন প্ৰজন্মৰ সংগঠন ককৰোচ জনতা পাৰ্টীও জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত সৰৱ হয়। কিন্তু ৰাহুল গান্ধী, মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালে ভোট চুৰি আৰু এছ আই আৰৰ অনিয়ম সন্দৰ্ভত উত্থাপিত অভিযোগৰ পোনপটীয়া প্ৰত্যুত্তৰ এতিয়াও দিয়া নাই মোদীয়ে। শুকুৰবাৰে দীনদয়ালৰ জন্ম বাৰ্ষিকীত তেওঁ প্ৰতিশোধমূলক ৰাজনীতিৰ বাৰ্তা প্ৰদান কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। জ্ঞানেশ কুমাৰৰ নাম পোনপটীয়া কথা উল্লেখ নকৰাকৈয়ে তেওঁ বিজেপি যুৱ মৰ্চাৰ নেতা-কৰ্মীসকলক কয়, “যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক কিয়, তাৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টাৰ প্ৰয়োজন। এটা ডাঙৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে ধাৰাবাহিকভাৱে সৰু সৰু পদক্ষেপ ল’ব লাগিব।”











