ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 25, 2026
Reading Time: 1 min read
A A
0
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

RELATED POSTS

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

New Logo Smal 1 | ASSAM TIMES POST

বৃহস্পতিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভিডিঅ’ উপস্থাপন আৰু সংবাদমেল অনুষ্ঠিত কৰে। বিজেপিৰ যুগত ধাৰাবাহিকভাৱে ভোট চুৰিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, “গণতান্ত্ৰিক ব্যৱস্থাৰ মূল ভেটি হ’ল নিৰ্বাচন। সংবিধানে নিৰ্বাচনৰ পৰা শক্তি লাভ কৰে, সংবিধানৰ পৰা আইন প্ৰণয়ন হয় আৰু আইনৰ পৰাই প্ৰতিষ্ঠান গঢ় লৈ উঠে। ভোট চুৰি হ’লে ই ক্ৰমান্বয়ে আইন চুৰি আৰু প্ৰতিষ্ঠান চুৰিৰ ৰূপ লয়।”

ৰাহুল গান্ধীয়ে দাবী কৰে যে যদিও তেওঁ বহু বছৰ ধৰি অবিৰতভাৱে ভোট জালিয়াতিৰ বিৰুদ্ধে মাত মাতি আহিছে, তথাপিও প্ৰথম অৱস্থাত সান্ধুৱে বা যোশীয়েও ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। কিন্তু এটা সময়ত তেওঁলোকে উপলব্ধি কৰিলে যে যদি এনে অনিয়ম চলি থাকে তেন্তে ভৱিষ্যতে জ্ঞানেশ কুমাৰৰ লগতে তেওঁলোকৰ নামো জড়িত হৈ পৰিব। সেয়ে যোৱা ১০ মাহত তেওঁলোকে ১৪ বাৰ জ্ঞানেশ কুমাৰৰ পদ্ধতি সন্দৰ্ভত আপত্তি উত্থাপন কৰিবলৈ ফাইলত টোকা লিখিছে বা চিঠি প্ৰেৰণ কৰিছে।

বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে জ্ঞানেশ কুমাৰৰ কাৰ্যকালত বিধানসভা নিৰ্বাচনত এছ আই আৰৰ জৰিয়তে ‘ভোট চুৰি’ সংঘটিত হোৱাৰ নতুন অভিযোগ উত্থাপন কৰে। তেওঁ লগতে অভিযোগ কৰে যে যোৱা লোকসভা নিৰ্বাচনত (সেই সময়ত জ্ঞানেশ কুমাৰ নিৰ্বাচন আয়ুক্তসকলৰ ভিতৰৰ এজন আছিল), আনকি তাৰ আগৰ লোকসভা নিৰ্বাচনতো অনিয়ম ঘটিছিল। ৰাহুল গান্ধীয়ে কয়, “প্ৰতিষ্ঠান বিৰোধী মানসিকতাই কংগ্ৰেছক প্ৰভাৱিত কৰিছে। ইয়াৰ প্ৰভাৱ আঞ্চলিক দলসমূহত পৰিছে। কিন্তু ২০১৪ চনৰ পৰা বিজেপিৰ বিৰুদ্ধে থকা ভোটত প্ৰতিষ্ঠান বিৰোধী মানসিকতাই প্ৰভাৱ পেলোৱা নাই। ইয়াৰ মূল কাৰণ হৈছে ভোট চুৰি।”

rahul1 | ASSAM TIMES POST
‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ভোট চুৰিৰ জৰিয়তে দেশৰ সংবিধান ধ্বংস কৰিছে। তেওঁ কয়, “মই ২০২৩ চনৰ পৰা ভোট চুৰিৰ কথা কৈ আহিছোঁ। তেওঁলোকে ৰাষ্ট্ৰবিৰোধী কাম কৰিছে। তেওঁলোকে মানুহৰ ভোট কাঢ়িছে, অৰ্থাৎ তেওঁলোক দেশদ্ৰোহী।” জ্ঞানেশ কুমাৰক “বুদ্ধিমান ব্যক্তি” বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে কয়, “আপুনি দেশ আৰু গণতন্ত্ৰৰ স্বাৰ্থত ৰাজসাক্ষী হোৱাৰ কথা চিন্তা কৰা উচিত ।”

বৃহস্পতিবাৰে লোকসভাত বিৰোধী দলপতিগৰাকীয়ে ভোট চুৰিৰ জৰিয়তে জয়ী হোৱা জনপ্ৰতিনিধিৰ বাবে বিধায়িনী দলে গৃহীত কৰা আইনক “অবৈধ” বুলিও অভিযোগ উত্থাপন কৰে। এই পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে জিএছটি আইন, ২০২৩ চনত গৃহীত হোৱা ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত আইন’ (যিটোৱে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক সুৰক্ষা প্ৰদান কৰিছিল আৰু তেওঁলোকৰ কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক কাৰ্যবিধি আৰম্ভ কৰিব নোৱাৰি) আৰু মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিযুক্তি সমিতিৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বাদ দিয়াৰ বিধেয়কৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্ঞানেশ কুমাৰক আইনৰ পৰিসৰৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰিছে। তেওঁ লগতে অভিযোগ কৰে যে জ্ঞানেশ কুমাৰক মোদী আৰু শ্বাহৰ উদ্যোগত এই পদত নিযুক্তি দিয়া হৈছে (উল্লেখ্য যে দুয়োজনেই মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ সমিতিৰ সদস্য)।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পোনপটীয়াকৈ আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে তেওঁ ভোটাৰ তালিকাৰ পৰা বিৰোধী সংযুক্ত দলৰ নাম আঁতৰোৱাৰ ষড়যন্ত্ৰ লুকুৱাই ৰাখিছে। লোকসভাত বিৰোধী দলপতিগৰাকীয়ে কয়, “নিৰ্বাচন আয়ুক্ত দুজনে বুজিলে যে ভাৰতত আৰু ভোটাধিকাৰ নাই। সেই কথা উপলব্ধি কৰি, নিৰ্বাচন আয়ুক্ত দুজনে জ্ঞানেশ কুমাৰলৈ ইমানবোৰ চিঠি প্ৰেৰণ কৰিছিল। ভোট চুৰি হৈছিল, তাৰ প্ৰমাণো দিছোঁ। অপৰাধীক শাস্তি দিব লাগিব, সকলো উদঙাই দিম।” ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ছাদ্দাম হুছেইনৰ দিনত ইৰাক আৰু কিম জং উনৰ যুগত উত্তৰ কোৰিয়াৰ দৰে ভাৰততো প্ৰতিষ্ঠানবিৰোধী পৰিৱেশ মোদীৰ যুগতো ভোট চুৰিৰ ফলত ধ্বংস হৈছে। সংবাদমেলত ৰাহুলে মোদী আৰু শ্বাহৰ ভাষণৰ ভিডিঅ’ দেখুৱাইছিল। ইয়াত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ কণ্ঠত ‘অবকি বাৰ ৪০০ পাৰ’, ‘৩০ বছৰ বিজেপি ক্ষমতাত থাকিব’, ‘অহা ৫০ বছৰলৈ কেৱল জয়’ আদি উক্তি শুনা গ’ল। ৰাহুল গান্ধীয়ে কয়, “মই এটা ৰাজনৈতিক পৰিয়ালৰ পুত্ৰ। কিন্তু গণতান্ত্ৰিক ব্যৱস্থাত এনে আগতীয়া ঘোষণা কেনেকৈ কৰিব পাৰি মই নাজানো।”

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত সূত্ৰই প্ৰকাশ কৰিছে যে বিৰোধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে নতুন প্ৰস্তাৱ আনিবলৈ সাজু হৈছে। কংগ্ৰেছে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অংশীদাৰসকলে এই পদক্ষেপত সন্মতি প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল যদিও পোনপটীয়াকৈ সংসদত মহাভিযোগ প্ৰস্তাৱ অনা সন্দৰ্ভত একো কোৱা নাছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumar
Share4Tweet3Send

Related Posts

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
51
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
51
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
51
ADVERTISEMENT
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d